সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
যেনে চোৰ তেনে টাঙোন।

আৰু গৰুৰ পঘা আৰু হাতীৰ ফইত বান্ধ খালে। আৰু এই আধ্যা পৰি গল।”

 আমি।—‘নাই পৰা আধ্যা মোমাই, তোমাৰ দুটি ভৰিত ধৰিছোঁ, আৰু তাৰ পিছত কি হল কোৱা?’

 মোমাই।—‘নাই পৰা কিয়? পৰিল, পৰি আকৌ একাধ্যা উঠিল, যাৰ নাম—

“পঞ্চম অধ্যা।”

 “এই আধ্যাত ৰুদাইৰ ঘৈণীয়েকে, বান্ধ খাই পৰি থকা গিৰিয়েকক অকলৈ পাই, ওচৰ চাপি আহি কাণৰ কাষত লাহেকৈ মাত লগাইছে⸺‘কেনে? মোক নিতৌ মাৰিবানে? আজিৰ পৰা যদি মোক আৰু নামাৰোঁ বুলি সৈ কাঢ়াঁ, তেন্তে এতিয়াই মই ৰাইজক কৈ তোমাক মুকলি কৰাই দিয়াম। আৰু যদিহে সৈ নেকাঢ়া তেন্তে সদাই এই বলিয়াৰ বান্ধত পৰি থাকিব লাগিব। মাছটো তেওঁ ময়েহে, ৰাতি নৌপুৱাওঁতেই হালোৱাতলিত পুতি থৈ আহিছিলো।”

 “ৰুদাই।—‘মই তোৰ আগত সৈ কাঢ়িছোঁ, গুৰুঘৰৰ শপত খাই কৈছোঁ, আজিৰপৰা তোক কেতিয়াও কেতিয়াও নেমাৰো। মোৰ দোষ তই ক্ষমা কৰ। মোক মুকলি কৰি দে।

 “ইয়াৰ পিছত, নানা দৰবজাতি দি ভাল কৰিছোঁ বুলি ৰাইজক বুজাই ৰুদাইৰ ঘৈণীয়েকে গিৰিয়েকক মোকোলাই দিয়ালে। তহঁতৰ কটীয়া মোমায়েৰৰ গাৰ কানি কাপোৰ সোপাই ক’লা হল দেখি তেওঁ টুক্‌টুক্‌কৰে নগৰলৈ গুচি আহিল।”

⸺::⸺