"ঘৈণীয়েকে আনন্দ প্ৰকাশ কৰি লাহেকৈ উঠি মাছটো লৈ ভিতৰলৈ গল।”
আমাৰ কটীয়া মোমায়ে আকৌ টলকা মাৰিলে। আমি মাত লগালো ‘মোমাই ৰলা কেলৈ আকৌ টোপনিয়াইছা নে কি? নোটোপনিয়াবা মোমাই, তোমাৰ দুটি ভৰিত ধৰিছোহঁক, বেগাই কৈ অন্ত কৰি পেলালে আৰু তোমাক আমি দিগ দাৰি নকৰোঁ?’
মোমাই——তহঁত, বৰ উতনুৱা লৰা বুজিছনে। ততকে নিদিয়। হুতাইতাই। এই আধ্যা পৰিল দেখি ৰৈছো। এতিয়া পালোহি।’
“চতুৰ্থ অধ্যা।”
“এই আধ্যাৰ আদিতে, ৰুদাইৰ ঘৈণীয়েকে, ‘ৰাইজ চোৱাঁ- হঁত ঔ। মোক বিনাদোষত এই দিন-দুপৰত মাৰি ঘুগুলাপছলা কৰিলে। হে ৰজাৰ শৰণ! ৰাইজ আহাহঁক ঐ! কিলত মোৰ হাড় মূৰ ভাগি গুড়ি হল। এই বুলি চিয়ঁৰত গছৰ পাত সৰাইছে। আৰু, নিচিয়ৰিবি মোৰ ৰৌ মাছটো নেৰান্ধি কি কৰিলি ক, তোক মই আজি ডোখৰ ডোখৰকৈ কাটিম’ এই বুলি কদায়ে ঘৈণীয়েকৰ পিঠিত হাত ভৰি সমানে চলাবলৈ ধৰিছে।
কিলৰ জাউৰি আৰু চিয়ৰ-বাখৰ আন দিনতকৈ বেছি হোৱা শুনি চাৰিউফালৰ মানুহ বাধ্য হৈ চাপি আহিল। ‘ৰ, ৰ, কিয় ইমানকৈ তাইক মাৰিছ? নেমাৰিবি’ বুলি ৰুদ্ৰামৰ ওপৰত ৰাইজৰ হুকুম পৰিল।
ৰুদাই —কিয় নেমাৰিম? এইক আজি কাটি ডোখৰ