এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
যেনে চোৰ তেনে টাঙোন
হাতত এটা বস্তু দি, কাণে কাণে অলপমান বেলি ফুচ্ফুচাই কিবা বুধি দি, গুচি গল।’
আমাৰ মোমাই ডোখৰে আকৌ টলকা মাৰিলে। আৰু এই দোক্মোকালিতে চেলু পাই তেওঁৰ নাকে ওপৰাওপৰিকৈ দুবাৰ মাতিও ললে।
আমি।—‘মোমাই মোমাই! তুমি আকৌ কি টোপনিয়াবলৈ লাগিলা?যোৱাঁ! তাৰ পিছত কি হল কোৱাঁ? মোমাই! মোমাই।’
মোমাই—‘কি হল?’
আমি।—‘তাৰ পিছত?’
মোমাই।—‘কিহৰ পিছত?’
আমি।—‘দৈ কলঙীয়ানী যোৱাৰ পিছত।’
মোমাই।—‘দৈকলঙায়ানী যোৱাৰ পিছত কি হল, কলো নহয়!’
আমি!—‘কেতিয়া কলা?’
মোমাই।—‘এতিয়াই।’
আমি।—যোৱাঁ মোমাই, টোপনিৰ জালত তুমি কি কৈছা একো ঠিক নাই! একো নোকোৱাকৈয়ে বুলিছা কলো।
মোমাই।—‘তহঁত নিতান্ত বুধি-নাইকিয়া লৰা বুজিছনে। দৈকলঙীয়ানী যোৱা কথা কোৱাৰ পাছত মই কি কৰিছিলো?
আমি—‘তুমি নাক ডকাই টোপনিয়াইছিলা,।
মোমাই।—তেন্তে? বুজিব নোৱাৰিলি? দৈকলঙীয়ানী