লেখি দুখন টেলিগ্ৰাম বাপেকলৈ কৰিও তাৰ কোনো ফল লাভ নকৰাকৈ আছিল, আৰু লাভ কৰিবৰ আগন্তুকো নাছিল। কাৰণ যজ্ঞৰামৰ বাপেকে পুতেকৰ গুণ-গৰিমাৰ কথা ভালকৈ বুজ পাই, পুতেকক ঘৰলৈ ওভোতাই নিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু তেওঁৰ সকলো চেষ্টা বিফল হল, যজ্ঞৰামক কলিকতাই কামোৰ মাৰি ধৰি নেৰিলে। সেইবাবে, বাপেকে যজ্ঞৰামৰ বিজুলী ডাকৰ বাতৰিৰ ওপৰত আৰু পতিয়ন এৰি দিছিল।
যি হওক, এতিয়া সোণত সুৱগা মিলি যোৱাদি যজ্ঞৰাম ঘণ্টা- কৰ্ণত মিলি গল। কাৰণ অনেক; তাৰে ভিতৰত : গোটাচেৰেক এই যে—যজ্ঞৰামেও গান বাজনা ভাল পায়, ঘণ্টাকৰ্ণয়ো ভাল পায়। ঘণ্টাকৰ্ণই ভাং ভাল পায়, যজ্ঞৰামেও যে নাপায় এনে নহয়; বৰং সেই বস্তুৰ শাৰীৰ ডাঙৰ সৰু সকলো বিধতে তেওঁৰ অচলা প্ৰীতি। বামা জাতিৰ প্ৰতি যজ্ঞৰামৰ যেনে পক্ষপাতিতা ঘণ্টা কৰ্ণৰো তেনেকুৱাই। তাৰ উপৰি ঘণ্টাকৰ্ণৰ ইচ্ছাৰ সাৰথি টকা লগত আছে, যজ্ঞৰাম সেই সাৰথি বিহীন। এনে স্থলত এই দুজনৰ হৃদ্যতা আৰু আত্মীয়তা৷ অনিৰ্ব্বাৰ্য্য।
যজ্ঞৰামে ঘণ্টাকৰ্ণ বৰ মহৰীক অসমীয়া ছাতৰৰ “মেচৰ” পৰা আনি মিৰ্জ্জাপুৰ ষ্ট্ৰীটৰ “হিন্দু হোটেল” এটাত থাকিবলৈ বন্দৱস্ত কৰি দিলে। হোটেললৈ আহি ঘণ্টাকৰ্ণই উশাহ পালে, কাৰণ তেওঁ তেওঁৰ friend, philosopher and guide যজ্ঞৰামৰ সহায়ৰ ষোল অনা সুবিধা লাভ কৰিব পৰা হল। ঘণ্টাকৰ্ণ বৰমহৰী হিন্দু হোটেল নিবাসীৰ বিস্তাৰিত বিবৰণ দিবলৈ আমাৰ ধৈৰ্য্য নাই; ধৈৰ্য্য ধৰি কোনো মতে দিবলৈ গলেও, এইটো