সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৫
ঘণ্টাকর্ণ শৰ্ম্ম। ।

নো মুৰটো খুন্দিয়াই ভাঙিব হেঁ? যি হওক, তেওঁ গবৰ্ণমেণ্টৰ ঘৰৰ অবিশ্বাসৰ কাম কৰিব নোৱাৰিলে। নোৱাৰেও। সেই দেখি তেওঁ দেখা-শুনাকৈ কলেজেৰে সৈতে “ডাইভৰ্চ” প্ৰাৰ্থনা নকৰি ‘জুডিচিয়েল চেপেৰেচনৰ নিচিনা এটা লোক-হাঁহিয়াত নোহোৱা বিচ্ছেদ স্বীকাৰ কৰি ললে; আৰু চৰকাৰে বৃত্তিৰ টকাটো, তেওঁৰে সৈতে ৰাহি-জোৰা অহা আন আন কাৰ্য্যত ব্যয় কৰিবলৈ কৃতসঙ্কল্প হৈ তাকে কৰিবলৈ ধৰিলে। যদিও কলেজত পঢ়া খৰচতকৈ এই গুৰুতৰ কাৰ্য্যৰ ব্যয়ভাৰ বেচি; আৰু ২০ টকা ৰূপক ৩ৰে পূৰি ললেও নাটনি হয়, তথাপি যজ্ঞৰাম পিছ-ভৰি হোৱা মানুহ নহয়; তেওঁ তেওঁৰ ঘৰৰ পৰা নানা উপায়েৰে ধন আনি জোৰা-ফোন্দা মাৰি সেই কাৰ্য্য সম্পাদন কৰিবলৈ ধৰিলে। কিন্তু গোলাপত কাঁইট থকাটো যেনে আহুকালৰ কথা, মাক বাপেকৰ টকাৰ মোনাত তলি থকাটোও তেনে আহুকালৰ কথাই; সেইদেখি এনে আহুকাল নুগুচে, আৰু সেইদেখি সি উদং হবই হব; আৰু অচিৰতে হলও। যজ্ঞৰামৰ এনে ভোকৰ অৱস্থা। এনে সময়তে কৃপালু ঈশ্বৰে এহেজাৰ টকাৰে ঘণ্টাকৰ্ণ বৰ মহৰীক জানিবা টোপোলা বান্ধি তেওঁৰ আগত টুপুৰ কৰে পেলাই দিলে। ভগৱন্তই নিৰুপায়ৰ যে এটা উপায় কৰে ইও প্ৰমাণ এক। কোৱা বাহুল্য যে সেই দিন৷ আৰু তাৰ আগৰ দিনাও যজ্ঞৰামে “I am seriously ill, wire thirty" অৰ্থাৎ মোৰ শঙ্কটজনক নৰীয়া, ত্ৰিশ-টকা বিজুলী ডাকত পঠিয়াই দিয়া; আৰু “Jajnaram attacked with cholera wire twenty” অৰ্থাৎ যজ্ঞোৰাম মাউৰত পৰিছে, কুৰি-টকা বিজুলী-ডাকত পঠিয়াই দিয়া, ইয়াকে