সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০
জোন-বিৰি

 ঘণ্টাকৰ্ণ — “মোৰ লগত মোৰ লগুৱাটো আহিছে। সেই মধুৱা। তাক তুমি চিনাই হবলা। সি আমাৰ গাড়ীৰ নামনি ফালৰ তৃতায় শ্ৰেণীতে থম্ থম্ কৰে নিশ্চয় বহি আহিছে। ম‍ই দ্বিতীয় শ্ৰেণীতে আহিলোহে বোপা; তৃতীয় শ্ৰেণীত বহুত সৰু মানুহ আহে, সিহঁতৰ গাৰ ভেকেটা-ভেকেট গোন্ধত তাত সোমাবই নোৱাৰি। আৰু তাত আহিলে মানো নাথাকে। তাক মাত লগোৱাঁচোন মঘুৱা বুলি ”

 বিদ্যাধৰে মঘুৱাক বিচাৰি যাওঁতেই ঘণ্টাকৰ্ণই তেওঁৰ কোঠা- লিৰ পৰা নামি ৰিঙিয়াবলৈ ধৰিলে— “মঘুৱা ঔ! মঘুৱা ঔ! কটা নামি আহ কটা তোৰ বাপেৰৰ ঘৰৰ গাড়ীখন পাইছ নে কি যে তাৰ পৰা নামিবই নোখোজ?”

 ঘণ্টাকৰ্ণৰ চিয়ৰ মঘুৱাৰ কাণত পৰাৰ আগেয়েই ৰেলৰ পুলিচৰ কনিষ্টবলৰ কাণত পৰিল। কনিষ্টবলটোৱে ঘণ্টা কৰ্ণৰ ওচৰলৈ আহি কেৰকেৰীয়াকৈ মাত লগালে— “হেই অও বাবু, কাহে হাল্লা কৰতা? চুপ ৰহ।” কনিষ্টবলৰ কথাষাৰ শুনি ঘণ্টাকৰ্ণৰ মুখ ৰঙা পৰিল, খঙত গাটো ঠক্‌ঠক্‌ কৈ কঁপিবলৈ ধৰিলে। তেওঁ কনিষ্টবলটোৰ মুখৰ ফালে চাই কলে— “তহঁতৰ কলিকতাত মানুহে নিজৰ লগোৱাকো মাতিব নাপায় নে কি অ? আও তোৰ দেখোন বৰ গপ-গপ কথা একা! মোৰ তলত এহেজাৰ বঙালী কুলিয়ে কাম কৰে বুলি তোম জানতা নাহি হোগা কি? ”

 এনেতে বিদ্যাধৰে মঘুৱাক লগত লৈ তাতে ওলাই কনিষ্ট- বলেৰে সৈতে ঘণ্টাকৰ্ণৰ লাগিব খোজা খকাখুন্দাখনৰ ওৰ পেলাই দিলেহি। ঘণ্টাকৰ্ণই বিদ্যাধৰক কলে- “বোপা, তোমাৰ কলিক