সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৯
ঘণ্টাকর্ণ শৰ্ম্মা।


অনেক কালক্ৰমত মৰি-হাজি ঢুকাই নাইকিয়া হল; আৰু যি এজন-আদজন আছে তাৰো লেখ ঢুকুৱাৰ নিচিনাই হলহি। ঘণ্টাকৰ্ণৰ কলিকতা পৰিভ্ৰমণ আৰু পৰিদৰ্শনৰ বিবৰণ জানি, নমৰি থকাৰ শাৰীৰ এজন স্বয়ং এই উপাখ্যান লেখক। কোনে জানে কিজানি এই উপাখ্যানটো চুম্বককৈ লিপিবদ্ধ কৰিবৰ নিমিত্তে হে এই কেইটা দিন ঈশ্বৰে লেখকক জায়াই ৰাখিছে। একেবাৰেই উপাখ্যানটোৰ মাজতে জপিয়াই পৰি কোৱা যাওক যে শ্ৰীযুত ঘণ্টাকৰ্ণ শৰ্ম্মা বৰমহৰী এছোৱা বাট জাহাজেৰে আৰু আনছোৱা বাট ৰেলেৰে কলিকতালৈ আহিছিল। তেওঁক অনা ৰেলগাড়ীখন যেতিয়াই কলিকতাৰ শিয়ালদহ ষ্টেচনত হুচ্ হুচ্ ভচ্ ভচ্ কৰে ওলালহি, ঠিক কাক-তালী সংযোগৰ দৰে, অসমীয়া ছাত্ৰৰ “মেচ” নিবাসী শ্ৰীমান বিদ্যাধৰ শ‍ইকীয়াও সেই গাড়ীৰ দুৱাৰ মুখত ততালিকে থিয় হলগৈ। অৱশ্যে এই সংযোগ বিজুলী ডাকৰ বাতৰিৰ ফল, দৈবিক বা আকস্মিক ঘটনাৰ নহয়। বিদ্যাধৰ ঘণ্টাকৰ্ণৰে সৈতে চিনাকী বিষয়ত ঘণ্টাকৰ্ণৰ পৈতৃক সম্পত্তি বুলিব পাৰি। বিদ্যাধৰৰ বাপেকক ঘণ্টাকৰ্ণ ই চিনে, সেই সূত্ৰতে বাপেকৰ পুতেক বিদ্যাধৰকো ঘণ্টাকৰ্ণ ই নিচিনি নাসাৰে! খোলা কথা, বিদ্যাধৰে ঘণ্টাকৰ্ণ অহাৰ বাতৰি বাপেকৰ পৰা বিজুলী-ডাকত আগেয়ে পাইছিল। সি যি নহওক, বিদ্যাধৰক ঘণ্টাকৰ্ণই ষ্টেচনত দেখিয়েই ৰং পাই মাত লগালে- “হঃ বোপা বিদ্যাধৰ! তুমি আহিছা?” বিদ্যাই উত্তৰ দিলে – “হয় আহিছোঁ। আপোনাৰ লগত আৰু কোনোৱা আহিছে নে? মাল-বস্তু কত?”