সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৮
জোন-বিৰি


কাণত কোট কোৰা কাঁইটে বিন্ধাদি বিন্ধে । হে ঈশ্বৰ ! মোক যেন মোৰ জীৱনৰ বাকী কেইটা দিন মানুহৰপৰা আঁতৰাই ৰাখা !” এনেতে অশোকজুপিয়ে চকু টিপিয়াই থেৰেজুক মোৰ ফাললৈ দেখুৱাই দিলত থেৰেজুৱে আত্মসংযম কৰি আকৌ আৰম্ভ কৰিলে, – “ইয়াৰ এবছৰৰ ভিতৰতে মাউৰে মানুহঘৰ মাৰি উছন কৰিলে । বাকী ৰল, ঘৰৰ সেই ভেটিটো, হুদুটো, আৰু মোকে আদি কৰি এই এৰা বাৰীৰ গছ-গছনিবোৰ ।” আমজোপাই সিফালৰপৰা মাত লগালে— “ঈশ্বৰ আছে ।” অশোকে মূৰ দুপিয়াই কলে,—“নিশ্চয়, নিশ্চয়।”

 এনেতে কোনবাই মতা শুনিলো,–“দেউতা, আপুনি কেছা- ৰীলৈ নগৈ আইৰ ওপৰত খং কৰি এৰাবাৰীৰ গছৰ তলত মনে মনে শুই আছেহি । আপুনি খং কৰি গুচি অহা দেখি আয়ে মোক আপোনাক মাতি-বুলি লৈ যাবলৈ পঠিয়াই দিলে । আহক, আহক, ঘৰলৈ আহক, আৰু খং কৰিব নালাগে ।”

 চকু মেলি চাওঁ দেখোন মোৰ বৰটো লৰা ।

⸻


ঘণ্টাকর্ণ শৰ্ম্মা ।

প্রথম আধ্যা।

 একুৰি পাঁচ বছৰ আগেয়ে ৰংখং চাহ বাগিচাৰ ‘ঘিচ্ মিচ্’ হোৱা বৰমহৰী শ্ৰীযুত ঘণ্টাকর্ণ শৰ্ম্মা যে কলিকতালৈ আহিছিল এই কথা অনেকে নাজানে । যি জানিছিল সেইসকলৰ ভিতৰত