সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৬
জোন-বিৰি


চেনেহ কৰিলি। সি দিনে ৰাতিয়ে আমাৰ ঘৰলৈ আহি থকা ঘৰুৱা মানুহতকৈও সাতছাৰ আছিল। কিন্তু শেহত যে সি আমাৰ ঘৰ মানুহৰ ধাৰ এনেকৈ গুজিব, কোনেজানিছিল? যাওক সেইবোৰে কলঙ্কৰ কথা বখানি আজি আৰু মোৰ মুখ ছূৱা কৰিবৰ মন নাই। সেইবোৰ কথা এতিয়া মনত পৰিলেও প্ৰাণ ফাটি যায় আমঠু কলা পৰে। মুঠতে কও যে পুহ মহীয়া পুৱা দুবৰি- পাতৰ আগত থকা নিৰ্মল মুকুতা মণিটি যেন সৰুবৌক পাপীষ্ঠ বিশ্বাসঘাতক ভোগদত্তই এদিন পাপৰ পাটনাদত পেলাই দি তেওঁৰ সৰ্ব্বনাশ কৰিলে।

 “মানুহৰ সংসাৰ কি কঠোৰ! মানুহৰ অন্তৰ কি নিষ্ঠুৰ! মানুহৰ বিচাৰ কি দুৰ্ঘোৰ! তাত দয়া 'নাই, চেনেহ নাই, বিবে- চনা নাই, ধৰম নাই! ইহঁত হেনে৷ আকৌ পণ্ডতকৈও শ্ৰেষ্ঠ, আমাকৈও ওখ শাৰীৰ! ইহঁতে ঈশ্বৰৰ ওচৰত ন্যাৰ বিচাৰ বিচাৰে, নিজৰ সকলো দোষৰ ক্ষমা মাগে, কিন্তু ইটোৱে সিটোক বিচাৰৰ নামত অবিচাৰ অত্যাচাৰ কৰে, ক্ষমা কৰিব নোৱাৰে। দুৰ্ব্বল সৰুবৌৰ পাপৰ ফল প্ৰকাশ হলত তেওঁক ঘৰপৰা উলিয়াই খেদি দিয়া হল। লাজ অপমান দুখৰ টোপোলা বান্ধি তেওঁ এইখন ঘৰৰ পৰা কেলেহুৱা কুকুৰৰ দৰে পলাই গল। কিন্তু কলৈ যাব? তেওঁৰ কোন আছে? মানুহৰ সমাজ তেওঁৰ নহয়। এই পৃথিবীৰ সুখ সম্পদ তেওঁৰ নহয়। সকলোৱে হাজাৰখন হাতেৰে সেওঁক দূৰলৈ খেদাই দিছে, হাজাৰখন মুখেৰে ছেই ছেই কৰিছে। মাতিছে মাথোন এন্ধাৰে হাত বাউলি দি। যাওঁতে যাওঁতে বেচেৰীয়ে সৌ যে ৰিণিকি ৰিণিকি দেখা গৈছে