তাই দেখিবলগীয়৷ তিৰুতা; জিল্লালৈ মাজে-সময়ে আহে। এদিন তহঁতক দেখুৱাম। দৈকলঙীয়া গাওঁ, ওচৰৰে গাওঁ। এদিন মাছ বেচিবলৈ আহি দৈকলঙীয়ানী ৰুদাইৰ ঘৰত উপস্থিত। ৰুদাই ঘৰত নাস্তি। ঘৈণীয়েকে চোতালতে বহি চকুৰ লো টুকিব লাগিছে। দৈকলঙীয়ানীয়ে মাত লগালে।—সাবেলেই ভাল মাছ আছে, লবি নে আই?—কি হল আই হে কিয় কান্দিছ?”
“ৰুদাইৰ ঘৈণীয়েক— মাছ নালাগে। একো হোৱা নাই—মোৰ আকৌ কি হব দেও হে।
দ, ক,।—“এনে কথা কিয় কৰ মোৰ আই হে, একো নোহোৱাকৈ মানুহে কান্দে? কি হৈছে মোৰ আই ক?”
“গিৰিয়েকৰ কিল মাৰৰ সকলো কথা দৈকলঙীয়ানীয়ে তাইৰ পৰা উলিয়াই লৈ দুখ পতিয়াই কলে,—‘আই শুন। আজি মই গধূলিকৈ এবাৰ আহিম, আহি তোক মই যিহকে কওঁ তাকে যদি কৰ তেন্তে তোৰ গিৰিয়েৰে নিচয় তোক আৰু নমৰা হব’। বাৰু বাই তুমি আহিবা গধূলিকৈ; মোক যিহকে কৰিবলৈ কোৱা তাকে কৰিম’ এই বুলি ৰুদাইৰ ঘৈণীয়েকে দৈকলঙীয়ানীক কৈ বিদায় দিলে।
এইখিনিতে দেখোন আমাৰ কটীয়া মোমায়ে মৌনাৱলম্বন কৰিলে। আমি কাৰণ বিচাৰি মোমাইৰ মুখৰ ফালে নিৰীক্ষণ কৰি পালো তেওঁৰ চকু মুদ-খোৱা আৰু মূৰে বৰশী বোৱা। আমি মাত লগালো ‘মোমাই দেখোন তুমি থিতাতে চেঙেলি