থাকিল; কাৰণ, তেওঁৰ বাপেক মাক কোনো নাছিল; মাথোন
বেলেগতীয়া ককায়েক এটা আছিল যি কোনো জন্মত ভনীয়েকৰ
ভুকে নলয়।
“প্ৰথম প্ৰবল শোকৰ ঢল শুকাই গলত শোকৰ যন্ত্ৰণা সৰু- বৌৰ হৃদয়ত তুহুজুই জ্বলাদি জ্বলিবলৈ ধৰিলে। তেওঁৰ পোহৰ মুখৰ জেউতি মলিয়ন হল, হাঁহি-মুখ বিষাদে আবৰি ধৰিলে, চকুত বেজাৰৰ কলা ৰেখা পৰিল।
“কিন্তু ভাইটি, এই পৃথিবীত একো চিৰস্থায়ী নহয়। শোকতো সেই কথা খাটে দেখিছোঁ। এবছৰ মানৰ মূৰত সৰু-বৌৰ শোকৰও ভালেমান সলনি ঘটিল। জাকালিৰ শেহত আমাৰ ন কুঁহি পাত মেলাৰ দৰে তেওঁৰ মনতো দুই চাইটা আনন্দৰ কুঁহিপাতে দেখা দিয়া দেখিলো। যেন তেওঁৰ মুখত থকা বেজাৰৰ আকবোৰ ৰঙৰ আঙ্গুলিয়ে বৰ পুৰুষাৰ্থ কৰি মছি দিবলৈ চেষ্টা কৰি আছে। ঈশ্বৰৰ এই আশ্চৰ্য্য সৃষ্টিত দেখিছোঁ সকলোৰে লৰচৰ হয়। মই কিন্তু এইবাবে সৰু বৌৰ গাত দোষ নিদিওঁ দেই; কাৰণ, গছৰ কুঁহিপাত আৰু ৰূপহ ফুল অকল গছৰ চেষ্টাতে নেমেলে নুফুলে বুলি মোৰ বিশ্বাস, বসন্তৰো তাত সৰহখিনি হাত আছে। বসন্তৰ সুশীতল ফুৱে হে ফুৱাই গছৰ কুঁহি পাত আৰু ৰূপহ ফুল ফুলাই দিয়ে বুলি মই ভাবো। এই ধৰ্ম্মিষ্ঠা সতী শান্তিৰ মনত সাংসাৰিক সুখৰ অবৈধ স্পৃহা ওচৰচুবুৰীয়া দামোদৰ বৰপূজাৰীৰ ডেকা পুতেক ভোগ- দত্তই হে যে জগালে এইটো ভালকৈয়ে দেখিবলৈ পোৱা গল। ভোগদত্তক আমাৰ দেউতাই নিজৰ পুতেকৰ নিচিনাকৈ মৰম