মলিছিল, আধা মলাকৈ কানি বাটি এৰি তৰা-নৰা ছিঙি লৰিল । এজনীয়ে ভাত ৰান্ধিবলৈ গা ধুইছিল, তিতা গাৰেই মহামহি- মাৰ্ণৱ শ্ৰীযুক্ত ভোকেন্দ্ৰ বৰুৱা ডাঙৰীয়াক চাবলৈ চোচা ললে । তিৰুতাবিলাকৰ যেনে বিলাই হৈছিল, পুৰুষবিলাকৰো তাদৃশ । আমি দেখিছিলো, এটাই তাৰ মাহেকীয়া আশৌচৰ অন্তত ডাঢ়ি খুৰাইছিল, নাপিতে এখন গালৰ ডাঢ়ি খুৰুৱা শেষ কৰি আনখন গালত খুৰ লগাব খোজোতেই, সি উঠি লৰ ধৰিলে । এটা শুফীয়াই গুৰে-পিঠাগুৰিয়ে জুলিয়াকৈ সানি পি খাই থাকো- তেই বৰুৱা দেও অহা বাতৰি গুনি, মুখ ধুবলৈ নোচোৱাকৈয়ে লৰ দিলে ৷ এটা খোৰাই এঠেঙেৰেই খোৰাই খোৰাই ঢেঙ্কু - ৰুচ ঢেঙ্গুৰুচকৈ গৈ বেগত উজুটি খাই পৰি আগদাঁত দুটা ভাঙিলে ৷ এটা কণাই বাট বিচাৰি নাপাই খপিয়াই জপিয়াই অন্তত তাৰ শোৱাচাঙৰ তলত সোমালগৈ । এটা বেঙাই উধাতু খাই গৈ আলিৰ কাষৰ খাৱৈত পৰি নগুৰ্ণাগতি হল । আৰু আমাৰ চিনাকী লোকাই সাধনীয়ে বাট পোনাই যাওঁতে লৰৰ বেগত ৰব নোৱাৰি, কাতীয়া মণ্ডলৰ গোহালিঘৰৰ মুখত দ’ম হৈ পৰি থকা গোবৰত ভৰি হুমাই দি তাতে ককাললৈকে পোত গৈ লাগি ৰল। ইত্যাদি প্ৰকাৰে মানুহৰ দুৰ্গতি যি হৈছিল সেইবোৰ কিমান বর্ণনা কৰিবা, কিমান কবা !
বক্তৃতাৰ অন্তত ভোকেন্দ্র বৰুৱাদেৱে যেতিয়া গাৱঁৰ মানু- হৰ দুখ দুর্গতি গুচাই দিবলৈ গাত লৈ, পঁচা বৰঙ্গনিৰ প্ৰস্তাৱ কৰি ঠগি পাতিলে, তেতিয়া প্রজাসকলৰ মাজত থৌকি বাথৌকি লাগি পৰিল। কোনোৱে টকাটো, কোনোৱে শিকিটো, কোনোৱে