.
গুৱালৰ বংশাৱতংস, এতিয়া শুনিলে তেওঁ মৰাণকুলৰও কুল- প্ৰদীপ। সেইদেখি তেওঁ সদীয়ালৈ গৈ স্বজাতিৰ কুশলৰ অৰ্থে “মৰাণ সভা” সংস্থাপন কৰি হুলস্থুলমকৰোৎ। তেওঁৰ লগত খুদমন কলিতা নামৰ চাপৰাচী এটা, আৰু চাপৰাচীৰ ককালত “মৰাণ সভা” লেখা পিতলৰ চাপৰাচ এখন। সদিয়াত বক্তৃতা, পঁচা, বৰঙ্গনি আৰু দৰখান্তৰ ধূম-ব্যাপাৰ লাগি পৰিল। মৰাণসকলৰ ঘৰমূৰী শিকিটো আধলিটোৰপৰা টকা পাঁচ-মহা লৈকে তেওঁ বৰঙ্গনি পেলালে। গাৱঁৰ ৰাজহুৱা নামঘৰত তেওঁ বক্তৃতা কৰি পুৰুষক উন্মাদ আৰু তিৰুতাক বলিয়া কৰিলে। মুঠতে “সদিয়াৰ নৰ নাৰী, এৰিলন্ত ঘৰবাৰী, লৈ আমাৰ বৰুৱাৰ নাম” হল। নাৰীসকলে দেশ উদ্ধাৰক বৰুৱা দেও আহিছে বুলি শুনি, তেওঁক চাবলৈ উৰুক-মুৰুক কৰি কেৰু মণি উন্তি কৰিয়া পিন্ধি লৰি আহোঁতে কোনোজনীয়ে একাণত হে থুৰিয়া আৰু এহাতত হে খাৰু পিন্ধিলে; কোনো জনীৰ লৰৰ বেগত গাৰ ৰিহা আৰু মূৰৰ থোপা শুলকি পৰিল, আৰু খোপাৰ মালতী ফুলপাহ বাটতে পৰি ৰল। এজনীয়ে লৰি যাওঁতে লগৰীয়ানীহঁতক মাতিলে — “আহা আই বাই সবে পদূলিক যাওঁ। ভোকোন্দি বৰুৱা আহে নেত্ৰ ভৰি চাওঁ” এইদৰে মতা শুনি-এজনীয়ে লৰাক পিয়াহ দিছিল, পিয়াহ দিয়া লৰাক তাতে তাই এৰি লৰ ধৰিলে; এজনীয়ে গিৰিয়েকৰ পকা চুলি উঘালিছিল, তাক তাতে তাই এৰি উৰ্দ্ধশ্বাসে লৰি ঢাপলি মেলিলে; এজনীয়ে জালি তাঁত বৈছিল, বোৱা তাঁত তাই তাতে এৰি লৰ দিলে; এজনীয়ে গিৰিয়েকলৈ বাটিত কানি