উত্তৰটো পাই ভোকোন্দায়ে ঘৈণীয়েকক মাতি আনি
চিঠিখন পঢ়িবলৈ দি কলে, “দেখিছ চম্পু—সোমনাথৰ বিবে
চনাটো দেখিছ? মোক সি insult কৰিলে, অপমান কৰিলে।
মই চোৰাংচোৱা হওঁ যদি তাক ইয়াৰ পোটক দিম!”
⸻
ভোকেন্দ্ৰ বৰুৱাৰ অন্তলীলা
প্ৰথম ভাগ
চোৰাংচোৱাৰ ব্যৱসায়ত পইচা নাইকিয়া হল। আমাৰ ভোকেন্দ্ৰ বৰুৱাৰ চোৰাংচোৱাই ন খবৰ ৰান্ধি বাঢ়ি দিওঁতে দিওঁতে তাত লোণ আৰু মছল৷ ইমান সৰহ হলগৈ যে তেওঁৰ সেইবোৰে গ্ৰাহকসকলৰ মুখ দেদেৰাই যাবলৈ ধৰিলে। সেই দেখি গ্ৰাহকসকলৰ ভিতৰত চোৰাংচোৱা ভোকেন্দ্ৰ বৰুৱাৰ খাটিৰ গল, আৰু তেওঁৰ খৰিকাত দিয়া, পাতত দিয়া, ভজা, টেঙা আৰু জালুকীয়া খবৰেৰে সৈতে তেওঁ পাততে পৰি থাকি বাহা হৈ গোন্ধাবলৈ ধৰিলে।
ভোকেন্দ্ৰ নিৰুপায়। ভাৰতবৰ্ষত দেখা যায় যে, কোনো লৰাই পঢ়া-শুনা কৰিব নোৱাৰিলে বাপেক মাকে তাক ব্যৱসায় বাণিজ্য কৰিবলৈ দিয়ে; কোনো ডেকাই চৰ্কাৰৰ ঘৰত চাকৰী নাপালে বা তেওঁ চাকৰীৰপৰা বৰখাস্ত হলে আৰু কোনো বুঢ়া অকামিলা হলে পোট্ৰিয়ট অৰ্থাৎ দেশহিতৈষী হয়। এতিয়া সেইদেখি বহুৎ ভাবি চিত্তি ভোকেন্দ্ৰই “পেট্ৰিয়ট” হবলৈকে থিৰাং কৰিলে। আমি আগেয়ে জানিছিলো ভোকেন্দ্ৰ অকল মহ