সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৬
জোন-বিৰি


কেৰু পৰ্য্যন্ত সোঁতা দি “হাকিম পুতেকৰ সংসাৰৰ ব্যয় কিছু দিন নিৰ্ব্বাহ কৰিছিল; কিন্তু তাৰো ঢাপত এতিয়া ভোকেন্দ্ৰৰ ভৰি পৰিলহি। ডুমুনী, পোহাৰী, মুদী, কেয়া, গুৱাল আদিৰপৰা উঠনাকৈ বস্তু খোৱাৰ বেচ আৰু ধোবা নাপিতৰ দৰমহা দিব নোৱাৰাত সিহঁতৰ খেচ খেচনিত ভোকেন্দ্ৰই তমোময় দেখিলে। শেহত তেওঁৰ ওপৰত কেচাৰীত কৰা গোচৰ থোপাথোপ হৈ তেওঁৰ গাত ওলমিবলৈ ধৰিলে।

 এনে নিৰুপায় অৱস্থাত এদিন ভোকেন্দ্ৰৰ মনত পৰিল, সেই সোমনাথৰ কথা! সোমনাথে কৈছিল, Spy অৰ্থাৎ চোৰাংচোৱা হোৱাটো বৰ লাজৰ কাম। চৰিয়াৰ টকা-কড়িৰ দুখ গুচে। ভোকেন্দ্ৰই বিমৰিষ কৰি পালে – সোমনাথে তো কৈছিল যে চৰিয়াৰ ব্যৱসায় noble profession অৰ্থাৎ ওখ আৰু সন্মানৰ কাম মইহে বেয়া বুলি ভাবিছিলো। কোনে জানে কিজানি সোমনাথেই Right ময়েই Wrong? তাৰ বাহিৰে, ভাল বেয়া বিচাৰিবলৈ যাওঁতে যে পেট নপ্ৰবৰ্ত্তাত পৰিলহি।— নহয়, আজিৰপৰা ঠিক কৰিলো, মই নিশ্চয়কৈ Spyৰ ব্যৱসায় কৰিম; চোৰাংচোৱা হম, হৈ দেশৰ আৰু নিজৰ উপকাৰ কৰিম।

পঞ্চম অধ্যায়

 সঁচাকৈয়ে চোৰাংচোৱাৰ ব্যৱসায় বেগেৰে চলাই ভোকেন্দ্ৰৰ ধনৰ দুখ গুছিল আৰু ধাৰ মৰিল। সেই অভিনব এন্ধাৰ ব্যৱসায়ত যিমান বগা ৰূপৰ পোহৰ পৰিবলৈ ধৰিলে তেওঁৰ মন সিমান প্ৰফুল্লিত হবলৈ ধৰলে। অদম্য উৎসাহেৰে ভোকেন্দ্ৰ