আঙুলিৰ গাঁঠিৰপৰা উঠিবলৈ ধৰিলে। মোমায়ে সাধু আৰম্ভ কৰিলে:—
“মই যি সাধু কব খুজিছোঁ, তাৰ নাম, ‘যেনে চোৰ, তেনে টাঙোন’। সেই তাৰ নামটো কি? আঃ কুলক্ষণীয়াৰ নামটোৱেই মনত নপৰে। সেই—সেই—আঃ—সেই গৰিহাখোৱাৰ নামটো কি?”
আমি।—“কাৰ নাম মোমাই?
“তাৰ।—বোলো, সেই তাৰ, যাৰ নামটোৱেই মনত নপৰা হৈছে। মুখত গুটিসাঁচেৰে এচকু কণা, সেই আমতলত ঘৰ যাৰ। বোলো, সেই আমাৰ গাৱঁৰ মোলোকা বহুৱাৰ পুতেক, ৰুদ্ ৰুদ ৰুদাই—ঠিক মনত পৰিছে। মোলোকা বহুৱাৰ পুতেক ৰুদ্ৰামে, আজি এবছৰ হল, ভকলুৰ ছোৱালীজনী বিয়া কৰাই আনিছে। তাইৰ দুখ (আহা! বপুৰী তাই পৰজন্মত কি পাপ কৰিছিল!) কুলায়-পাচিয়ে নধৰে। বপুৰী বৰ বিতোপন ছোৱালী। সি দুৰাচাৰ। পুৱা-গধূলি নিতৌ সি তাইক ঢেকিঠোৰাৰে মৰিয়ায়। মাৰ খাই খাই তাই ঘুগুলাপছলা। দোষত? নহয়, নহয় মোৰ কুটুম, বিনাদোষত, বিনাদোষত। কোনো জগৰ নাই তথাপি সি তাইক মাৰে। মিছাকৈয়ে দায় খুচৰি উলিয়াই সি তাইক কিলায়। ন দোষ নেপালে পুৰণি দায় খুচৰি উলিয়াই লৈ সি তাইক খুন্দে। বেছেৰীয়ে পিঠি পাতি দি সহি থাকে। দিনৌ ইমান মাৰ কিল খায়, তথাপি বেছেৰীয়ে গিৰিয়েকক সুখে সন্তোষে ৰাখিবলৈ মৰিমুজি যতন কৰে। তাইক মৰাটো কুলাধমৰ নিত্যকৰ্ম্ম। নহলে তাৰ হাত খজুৱায়, সুখ নেলাগে, সুত নেলাগে।