ছপাবলৈ ধন লাগে। Suggest another my friend, আৰু
এটা কোৱাঁ!
সোম।—“খেতি বাতি কৰাঁ।”
ভোক।—“তালৈকো Capital (মূল-ধন ) লাগে। নিজে তো হাল বাব নোৱাৰি। কামত আৰ্য্য হোৱা দিন গল।”
সোম।— “বাণিজ্য ব্যৱসায় কৰা।”
ভোক।— “অৱশ্যে বাণিজ্যে বসতে লক্ষ্মী; কিন্তু তালৈকো মূল-ধন আৱশ্যক। মূলধন নহলে নোহোৱা ব্যৱসায়ৰ নামকে নকবা। Besides grand scale-অত অৰ্থাৎ ডাঙৰকৈ ব্যৱ- সায় কৰিব নোৱাৰিলে মুদীৰ দোকান কৰিবলৈ যোৱাটো Degradation ( অপমানৰ কথা )। I can't do it, মই সেইটো কৰিব নোৱাৰোঁ।”
সোম।—“তোমাৰ দেউতাৰাৰ ব্যৱসায়?”
ভোক।—“Horrible! ছিঃ! ছিঃ! তোমাৰ মূৰটো গোব- ৰেৰে ভৰা যেন দেখিছোঁ। ফাদাৰৰ ব্যৱসায়ৰ যহত যি নাম পাইছিলো তাক মৰি-মৰ জাহ, দি যুজি হে গুচাইছোঁ; তাকে আকৌ তুমি কোৱা! এই কথাষাৰ তুমি নকৈ যদি আন কোনো- বাই কলেহেঁতেন তেন্তে তাক মই সমুচিত প্ৰতিফল দিলোহেঁতেন। I would not have excused him. মই তাক কেতিয়াও ক্ষমা নকৰোঁ। But you are my best friend so I excuse you. তুমি মোৰ বন্ধু, সেই দেখিহে মই তোমাক ক্ষমা কৰিলো! তুমি জানা নে? সঁচাকৈ কব লাগিলে, আমাৰ গৰু মহবোৰ মৰি গলত মই পেটে পেটে ৰং পাইছোঁ। আপদ গল!