তেনে ডুখৰিপীৰা পাৰি বহিছোঁ। মোমায়ে হাচটি মেলি বাহঁৰ চুঙাৰ টেমাটোৰ ভিতৰৰপৰা এটা ভেকুৰী গুটিৰ সমান, মেচ্ মেচ্ কৰে কলা কানী উলিয়াই কোঁট-কৰে গিলি, তামোল-ছালিত কটাৰি বহুৱাইছে। এনেতে আমি গহীনকৈ মাত লগালোঁ “মোমাই, এটা সাধু—” গোটেই কথাষাৰ আমাৰ মুখৰপৰা ওলাবলৈ নৌপাওঁতেই লগে লগে মোমাইৰ মুখৰপৰা এনে এটা ডাঙৰ ভেকাহীয়ে ঢেৰেকনি মাৰিলে যে, একে ভেকাহীতেই আমি বালক-মণ্ডলী, নিয়াৰিৰ ওপৰত থকা ৰঙা লোৰ পৰা হাতুৰিৰ মাৰত ফিৰিঙতি ওফৰাদি ওফৰি পৰিলো। কিন্তু মোমাইৰ গঢ়-গতি আমাৰ জনা আছে, প্ৰথম খুন্দাত খোপনি ৰখাব পাৰিলে, আৰু তুমি ৰৈ গলা। গতিকে, চকু চাওঁতেই আমি গিৰ্জনি মাৰি হাঁহি, আকৌ তেওঁক বেঢ়ি ধৰি “সাধুকথা” “সাধুকথা” কৰি চিয়ৰিবলৈ ধৰিলো। অলপমান টলকা মাৰি থাকি মোমায়ে মাত লগালে; “তহঁত বৰ দুষ্ট লৰা বুজিছনে? কি সাধু শুনিবি?”
আমি আহ্লাদত গদগদ হৈ কলো “মোমাই তোমাৰ যিহকে কবৰ মন যায়।"
মোমাই।—“এটাই মোৰ আঙুলি কেইটা ফুটাই দে।”
মোমাই এই কথা কোৱা মাত্ৰকতেই আমি এটাইমখাই একেবেলিয়েই আঙুলি ফুটাবলৈ ওলালোঁ। আমাৰ ভিতৰৰ সুযোগ্য দুজন সেই কাৰ্য্যত মনোনীত হল; আৰু নিমিষতে, এটাৰ ঠেঙুলি ভাঙোতে উঠাদি উঠা ফুট্ ফুট্ শব্দ কাণ জুৰাই মোমাইৰ