৯০ জোনাকী ।
স্বৰ্গদেৱে সৰ্ব্বপ্ৰথমে মোমাইক কাৰেঙ্গৰ বাৰীচোৱা তামূলীৰ বাব দি লিগিৰ| লিগিৰী বিলাকৰ কামৰ ওপৰত চকু দিবলৈ নিযুক্ত কৰিলে। আগেয়ে সিহঁতৰ কামত বৰ বেমেজালি ঘটিছিল, এনেকি ৰজাদেৱৰ চাৰিওফালে এপাল লিগিৰী থকা Ares দৰকাৰী সময়ত সিহঁতৰপৰা স্বৰ্গদেৱে কামনেপাইছিল। কেতিয়াবা স্বৰ্গদেৱে মুখ-হাত ধুই গীমোচ| বিচাৰি গোটেই কাৰেং চলথ কৰিব লগাত পৰিছিল আকৌ কেতিয়াবা ভাত-পানী খাই উঠি, দীত খৰিকিয়াবলৈ খৰিক বিচাৰি এপৰ বেল৷ বাটচাই থাকিছিল। কিন্তু মোমাই যোৱাত সেইবোৰ বেমেজালি অতি সোনকালে অতৰিবলৈ ধৰিলে। স্বৰ্গদেৱে মোমাইৰ কামত পৰম সন্তুষ্ট হৈ দা-ডাডবীয়া সকলৰ মত লৈ মোমাইক বৰবৰুৱ৷ পাতিলে। পাচলৈ মোমায়ে নামনিত বৰফুকনো হৈছিল। অসমৰ সেনাপতি হৈ কেবাবাৰো তেওঁ বঙ্গালৰে সৈতে যুদ্ধ-বিগ্রহো কৰিব লগাত পৰিছিল | কিন্তু সদায় মোমাই তামূলীয়ে অসমৰ গৌৰৱ অটুত ৰাখিবলৈ অহোপুৰুবাৰ্থ কৰিছিল। তেওঁৰ কামত ব্বৰ্গদেৱে কোনো খুত নেপাইছিল, তলৰ প্রজানকলো বৰ সন্তুষ্ট হৈছিল। এবাৰ স্বৰ্গদেৱে মোনাই তামুলী বৰবৰুৱাক এটা বৰ গুৰু কামলৈ পাচিলে ৷ অসম-ৰাজ্য খন তেতিয়ালৈকে শৃঙ্খলাকৈ পত| হোরা নাছিল। মোমায়ে উজনি-নামনিত গাৱে গাৱে ফুৰি ৰাজ্যখন নতুন কৈ গঠন কৰিবলৈ ধৰিলে। কেবাখনে গাওঁ গোটাই এখন চুবুৰি ব| মৌজ| পাতিলে ৷ গাৱ'তে “গাওঁ বাৰিক” নামেৰে এজন বিবয়া পাতি গাৱৰ সকলোবথাতে চকু দিবলৈ
| |
q
t ]