38 জোনাকী । কৰি দিলে। বহুত দিন নিসন্তান হৈ থকাৰ পাচত আগা মোটা- হেৰৰ বুঢ়া বয়সত এটি ছোৱালী হয়। জীয়েক মন্নুজান খানামৰ সাত বছৰ বয়সত আগা মোটাহেৰৰ মৃত্যু হয়, সকলো সম্পত্তি তেওঁ জীয়েকৰ নামে উইল কৰি যায় ;– আগা মোটাতে পত্নীয়ে স্বামীৰ মৃত্যুত পূর্ব্বোক্ত সদাগৰ হাজী ফইজুল্লাক বিয়া কৰায়, – এই বিবাহৰ মাথোন এটি পুত্র সন্তান হয়, তেওঁৰ নাম হাজী মহম্মদ মহছীন । মহম্মদ মতহীন আৰু তেওঁৰ বায়েক মন্নুজান থানায় দুয়ো সৰুতে হাজি ফইজুল্লাৰ ঘৰতে শিক্ষা লাভ কৰে। তেওঁলোকৰ শিক্ষক পাৰস্যৰ চিৰাজ নগৰৰ প্ৰসিদ্ধ পণ্ডিত আগা ছিৰাজী। আগা ছিৰাজীয়ে পৃথিবীৰ বহুত ঠাইত ভ্ৰমি হুগলীত আছি আশ্রয় লয়হি। তেওঁৰ ভ্ৰমণ-কাহিনী আৰু নানান অভিজ্ঞতাৰ কথা শুনি মহছীনৰ সৰুৰে পৰা দেশ-ভ্ৰমণৰ প্ৰৱল ইচ্ছা হয়। আগা চিৰাজীৰ অধ্যাপনাত পাৰ্চী আৰু আৰবী ভাষাত সুপণ্ডিত হৈ মহছীনে মুচিদাবাদৰ মুক্তাবত কোৰাণ আৰু অন্যান্য শাস্ত্র সাহিত্য পঢ়িবলৈ যায়। ইতিমধ্যে মহুজানে হুগলীত নিজৰ সুকীয়া ঘৰবাৰী কৰি বাস কৰে। তেওঁৰ অজস্ৰ অৰ্থ আছিল, তেওঁৰ পাণিপ্রার্থী বহুতো ওলাল, কিন্তু নিষ্ফল হৈ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰিবলৈ ধৰিলে। মুচিদাবাদত শিক্ষা সাঙ্গ কৰি মহছীন হুগলীলৈ উভতি আহি অতি চেনেহৰ বায়েকৰ এনে অশান্তি দেখি মর্মাহত হল। তেওঁ কৌশলেৰে বায়েকক সকলো আপদৰ পৰা উদ্ধাৰ কৰি নিজে বায়েকৰ বিষয়-সম্পত্তি চলাবলৈ ধৰিলে। মনুজান আৰু t
পৃষ্ঠা:জোনাকী.pdf/২২
অৱয়ব