সমললৈ যাওক

পৃষ্ঠা:জোনাকী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪
জোনাকী ।


হয়! সেইবাবে তেওঁ বৰ সাৱধানে ফুৰিব-চাকিবলৈ ধৰিলে। ৰজাৰ এটি দুটি গুপ্তচৰে তেওঁৰ কাষকে চাপিব নোৱাৰিলে। তেতিয়া লৰাৰজা অধিকতৰ সংশয়ী হল; যেহেতু তুমুখুঙ্গীয়া ফৈদৰ ৰজা হ'ব পৰা সকলো ফৈদতকৈ বেচি ক্ষমতাশালী আছিল। ৰজাই ভাবিলে যে, গদাকোৱঁৰ জীয়াই থাকেমানে তেওঁৰ ৰাজপাট নিষ্কণ্টক নহয়। সেইদেখি তেওঁ চৰিয়াবিলাকক এই জনা কোন ৰৰ প্ৰাণ বধিবলৈকে মনে মনে আদেশ দিছিল। গদাপাণি তেতিয়া নিৰুপায় হল; ৰজাৰ প্ৰবল আৰু অসংখ্য চৰিয়াৰ আগত তেওঁ অকলে কেনেকৈ ঠাৱৰিব! ইয়াৰ একো উপায় নাপাই সতী হেন পত্নী আৰু গণেশ কাৰ্ত্তিক হেন পুত্ৰক ঈশ্বৰৰ কৰুণাত সমৰ্পণ কৰি তেওঁ ছদ্মবেশ ধৰি নগা-পৰ্বতৰ ফালে আঁতৰি গল।

 সেই অৱসৰতে লৰাৰজাই গদাপাণিৰ পত্নী জয়মতীক ধৰাই নি নানা শাস্তি দি কোৱঁৰৰ সম্ভেদ-বাতৰি উলিয়াবলৈ কুকুৰাচোৱা চাওডাঙ্গক আজ্ঞা দিলে। নানা যন্ত্ৰণা ভুঞ্জিও জয়মতীয়ে তেওঁ গৃহস্থৰ বাতৰি কৈ নিদিলে। গদাপাণিয়ে কেনেবাকৈ পত্নীৰ এনে অৱস্থাৰ কথা ভূ পাই মৰসাহ দি যন্ত্ৰণা দিয়া ঠাইলৈ আহিল, আৰু ছেগ চাই তিনিবাৰ জয়মতীৰ ওচৰলৈ গল, কিন্তু নিজৰ চিনাকি নিদিলে। চাওদাংহঁত যাতনা দিয়া ঠাইলৈ আহিলে তেওঁ আঁতৰি গৈ একান্ত মনে আৰু বেজাৰেৰে নিজ পত্নীৰ পিনে চাই থাকে; কিন্তু একোকে নামাতে, মাত দিলেই ৰজাৰ সেনাই চিনি পাব, আৰু তেওঁৰ জীৱনৰ উদ্দেশ্য দুপতীয়াতে জঁয় পৰিব। তৃতীয়বাৰু ওচৰলৈ যাওঁতে কুৱঁৰীৱে চিনি পাই কথাৰ ইঙ্গিতেৰে কোৱঁৰক