সমললৈ যাওক

পৃষ্ঠা:জোনাকী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩
স্বৰ্গদেৰ গদাধৰ সিংহ।


এওঁলোকৰ শুভ-মিলনভ লাই আৰু লেচাইৰ জন্ম হয়। দেউতাক স্বৰ্গী হোৱাৰ পাচত লাইকোৱঁৰ ৰাজপাটত বহে, আৰু লেচাই গোহাঁইদেৱে ৰাজ্যৰ এজন বৰমুৰীয়া বিষয়া হৈ ককায়েকক ৰাজকাৰ্য্যত সহায় কৰে।

 গদাকোৱঁৰে মনৰ জোখাই পত্নী আৰু জয়মতী কুঁৱৰীয়ে মনৰ জোখাই পতি লাভ কৰি ভালেমান বছৰ সুখেৰে যাপন কৰিলে। কিন্তু গদাপাণিৰ মনত সিমান শান্তি নাছিল। ইয়াৰ কাৰণ এই, সেই সময়ত ৰজাৰ ৰাজধানীত কেইবাটিও গা-নোম- শিয়ৰি উঠা ঘটনা ঘটিছিল! ১৭৯২ শকৰ পৰা ১৬০০ শকলৈকে আহোম ৰাজপাটত ছ-জনা কোৱঁৰ উঠে; কিন্তু মন্ত্ৰীসকলে মন্ত্ৰণা চক্ৰত পেলাই তাৰে চাৰি জনা ৰজাক অকালতে বধ কৰে, এজনে মন্ত্ৰীসকলৰ হাতত প্ৰাণ সঁপিব লাগিব বুলি মনৰ শঙ্কাতে আত্মঘাতী হয়; মাথোন এজনৰ হে স্বাভাৱিকৰূপে মৰণ হয় ৰাজধানীৰ এনে হুলস্থূলৰ কথা গদাপাণিয়ে সৰুৰে পৰা বৰ ভালকৈ জানিছিল। ৰজা নিস্তেজ হোৱা আৰু বিষয়া-বিলাকৰ অৰিয়া- অৰি আৰু স্বাৰ্থপৰতা দেখি তেওঁৰ মনত সদায় অশান্তি। নিজে ৰাজ্যৰ গুৰি ধৰি টান মুখেৰে আক্ৰোহী বিষয়াসকলক দমাই ৰাজ্যত কেনেকৈ সুশাসন থাপিব পাৰিব, এই একেটি ভাব তেওঁৰ মনত প্ৰায়েই খেলাইছিল। লৰাৰজাই চৰিয়া, ৰিপুৱা, গুপ্তচৰ আদি পঠিয়াই যেতিয়া ৰাজপাটলৈ যোগ্য কোৱঁৰসকলক অঙ্গক্ষত কৰাই অযোগ্য কৰিছিল, সেই সময়ত গদাপাণিৰ মনত আশঙ্কা, কিজানিবা লৰাৰজাৰ নিষ্ঠুৰ চৰিয়াবিলাকৰ হাতত তেওঁৰ অঙ্গক্ষত