পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬১ )
 


মৰমৰ বন্ধুবোৰ কাকো ওচৰত,
নেদেখি সহায়-হাত কান্দোঁ বেজাৰত,
তেতিয়াও ক্ষুদ্ৰ কণ্ঠে যেন মোৰ কয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময়।

ভাল পাওঁ যাক যিবা হৃদয় জুৰায়,
এক দেহ, এক প্ৰাণ, ভিন্ন-পৰ নাই,
অকস্মাতে তাকে নিয়া ঘৰ উৰুঙ্গাই—
ধন, জন, প্ৰিয় বস্তু, ছায়াবাজী প্ৰায়,—
সকলো তোমাৰ প্ৰভু, লীলা ৰসময়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময়।

বেজাৰ বা নৰিয়াত যদিস্যাৎ হাঁয়!
অকালতে ইটো প্ৰাণ-পক্ষী উৰি যায়,
দুদিনীয়া সংসাৰৰ শোক-তাপ ভুলি,
তথাপিও অধমৰ ক্ষুদ্ৰ কণ্ঠ তুলি,
কৰোঁ যেন গুণ-গাণ বিশ্বপতি জয়,
ইচ্ছ। তযু পূৰ্ণ হোক হেৰাঁ দয়াময়।

যিবা দিয়া, যিবা নিয়া, সকলো তোমাৰ,
বুজিনু নাজানি কওঁ ‘আমাৰ’, ‘আমাৰ’,