পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬০ )



 
ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময়।
(কবি Charlotte Elliott-তাৰ 'Thy will be done নামে ইংৰাজী কবিতাৰ ভঙ্গিনী। )

জীৱনৰ খলা-বমা গন্তব্য বাটৰ,
ভালেখিনি নিলগত এৰি নিজ ঘৰ,
থাকোঁতে ফুৰোঁতে পিতা পৰম ঈশ্বৰ,
এনে মতি বুদ্ধি দিয়া হিয়াত দাসৰ,
অধমৰ ক্ষুদ্ৰ কণ্ঠে যেনে সদা কয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময়।

যদিও বা বাট মোৰ নিজম আন্ধাৰ,
যদিও বা ভাগ্যহীন কৰোঁ হাহাকাৰ,
বিপদ-বিঘিনি আৰু নানা আহুকালে,
আগচিলে মন যেন থাকে নিজঞ্জালে,
অমিয়া বৰষা কথা কণ্ঠে যেন কয়,
ইচ্ছা তযু পূৰ্ণ হোক হেৰাঁ দয়াময়।

দুখৰ গধুৰ বোজা কান্ধে ভাৰ বই,
হুমুনীয়া কাঢ়োঁ যেৰে নিজানত গই,