সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

লিখকৰ নিজা কথা

 ছ’ বছৰ আগেয়ে এই নাটখনি লিখিছিলোঁ— বাস্তৱৰ এটি ক্ষুদ্ৰ ঘটনাৰ আলম লৈ। নানা অসুবিধাৰ কাৰণে এই ছ’ বছৰেই অপ্ৰকাশিত অৱস্থাতে ৰৈ গ’ল।

 মোব প্ৰথম প্ৰয়াসৰ সকলো দোষ ভুল আদিৰ কাৰণে পাঠক আৰু শিল্পীসকলৰ ওচৰত মাৰ্জ্জনা ভিক্ষা কৰি, ভৱিষ্যতৰ সৎ উপদেশ পোৱাৰ আশা কৰিলোঁ।

 নিঘিণাই এফেৰি আদৰ কৰিলেই কৃতাৰ্থ হ’ম |

 যি সকলে মোক উপদেশাদিৰে সহায় কৰিছিল সি সকলব প্ৰতি মোৰ হিয়াভৰা ভক্তি-অৰ্ঘ্য আগবঢ়ালোঁ।

ইতি—

৪ চেপ্তেম্বৰ, ১৯৫৪ ইং    বিনীত—

শ্ৰীকনক শৰ্ম্মা

 

প্ৰকাশকৰ নিবেদন

 মোৰ বাল্য-বন্ধু শিল্পী শ্ৰীযুত কনক শৰ্ম্মাক উত্সাহিত কৰিবলৈ তেওঁৰ প্ৰথম নাট “জয় পৰাজয় বা উদয়ৰ পথত” ছপা কবি ৰাইজৰ চৰণলৈ আগবঢালোঁ।

 আদৰ পালে লিখকো উৎসাহিত হব লগতে আমাৰো ভৱিষ্যতলৈ আৰু এনে প্ৰয়াস পাবৰ আশা থাকিল।

জয়হিন্দ

   প্ৰকাশক

ৰূপা ষ্টোৰ—চামতা।