পৃষ্ঠা:জয়মতী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাজমাও।— এটা কথা কই বাছা,
 পোৱাঁ পৰিত্ৰাণ, সাৰাঁ ঘোৰ নিৰ্য্যাতন;—
 নাভাগে প্ৰতিজ্ঞা।

জয়া।—আইচু-দেউতা মোৰ।
 নেদেখাব সিটো বাট, নুবুজাব মোক
 সই লবলই। বাকী নাই লাঞ্ছনাৰ
 আৰু নিৰ্য্যাতন।

পদ্মা।—তাতে হে কইছোঁ সখি,
 ৰক্ষা পৰাঁ বিপদ এৰাই। দিবাঁ কই
 যথা তথা স্থান।

জয়া।—মৰণ অধিক বাঞ্ছোঁ,
 কব লগা হয় যদি মিছা কথা কিবা।
 ততোধিক মৰ্ম্মাহত, যত্নৰ প্ৰতিজ্ঞা।
 ভাগে যদি মোৰ।

ৰাজমাও।— ধন্য, ধন্য
 মহাসতী জ্ঞানৱতী জয়া!! (প্ৰহৰীৰ প্ৰৱেশ )

প্ৰহৰী।— বেলা হল ঘূৰিবৰ;
 নিবেদোঁ চৰণে।

ৰাজমাও।— নহয় পলম আৰু।

প্ৰহৰী।— শিৰে ধৰোঁ বাণী। (প্ৰহৰীৰ প্ৰস্থান)

জয়ান্দিছে।— বন্দিছোঁ চৰণ মাতৃ, এই শেষ বাৰ। (সেৱা কৰে।)

ৰাজমাও।—আশীছোঁ অন্তৰে বাছা।
 নহবাঁ অধীৰা; এৰা নাই যত্ন মই,
 উদ্ধাৰৰ হেতু।