পৃষ্ঠা:জয়মতী.pdf/৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


৩য়, চাওডাং।— ৰবিচোন, শুনচোন, কয় কি,—তাল শুনি।

জয়া।— লাগিছে বিষম বোধ, মৰা-শৰীৰত,
 অমৰণ মন মোৰ নহয় কাতৰ।

২য় চাউডাং।—হেৰ, আমৰলি মেলোহঁক। কাতৰ হোৱা নাই বোলে।

৩য়, চাউডাং।— হয়, তাতে পানী ঢালি দিব লাগে। কিমান পৰ নো সহে
 চাওঁ।

২য়, চাউডাং।—উঃ! আতি টান পালো হয়! ভাগৰিলোঁ আৰু!

৩য় চাউডাং।—ভাগৰ লাগিলগৈ হয় দেও! ককাইহঁত বহ, অলপ জিৰাওঁ।
 ৰবিচোন, অলপ পদকে শুনোঁ। তিনিও এফলীয়া হৈ বহে)

জয়া।— বসুমতি! আছে যদি ধৰম তোমাত,
 ৰাখিবাঁ ধৰম মোৰ;—দিবাঁ শক্তি তযু,
 সহনৰ পূৰ্ণগুণ আজি। ক্ষমা গুণ আৰু
 দিয়া মোক পূৰ্ণভাৱে, ক্ষমোঁ অজ্ঞানক।
 নিবিচাৰোঁ প্ৰতিশোধ; পাব প্ৰতিফল,
 ফলিৰ কালত সি, কৰ্ম্ম অনুসৰি।
 কিন্তু ভিক্ষা এই, পায় যেন প্ৰাণনাথে,
 মঙ্গল আশ্ৰয়, অপায়-অশান্তি মাজে।
 আৰু মোৰ দুটি পোনা এৰিছোঁ পাচত,—
 দুটি সিংহৰ পোৱালি; থাকে যেন দুয়ো,
 আপদ এৰাই। পতিত ই ৰাজবংশ
 স্বামীয়ে উদ্ধাৰা পাচে, কৰিব উজ্জ্বল,
 অদ্বিতীয় ৰজা হই। বাঞ্ছা আৰু নাই;—
 স্বামীৰ চৰণ যেন ভাগ্যে পাওঁ দেখা,
 এৰোঁতে মাটিৰ দেহ মাটিক গতাই।