(বন্দীপাল জয়মতীৰ পাচত সভয়ে থিয় দিয়ে।)
জয়া।— নোবোলাঁ অবাচ্য ৰজা, ‘তাই’ বচনেৰে;
প্ৰতিশোধ সমুচিত দিবহি কালত,
বীৰবাহু পতি মোৰ ঘূৰিব যেতিয়া।
আতিকে দুৰ্বল তুমি; নাই বীৰ তেজ।
নেদেখোঁ বীৰৰ চিন্ সমূলি তোমাত।
পতিৰ অজ্ঞাতে কোনে সতী পীড়নত
দেখায় মতালি! ধিক্ তৱ পুৰুষালি!
মহাপাপী তুমি, নাচাওঁ তোমাক আৰু!
ধাৰ্ম্মিকে তোমাৰ সঙ্গ নলব কাচিত।
বন্দীপাল! বল, যাওঁ, শান্তি-থানলই।
( বন্দীপালে সৈতে জয়মতীৰ প্ৰস্থান, —সভা নীৰৱ )
ৰজা।— কিবা ভাব অকস্মাৎ।
ছাতিলেহি চাঁত্কৰে ঘোৰ অন্ধকাৰে!
ভয়ঙ্কৰ ভবিষ্যত উদিছে আগত যেন।
নোৱাৰে বহিব স্থিৰে, লাগিছে বিষম।
সভা ভঙ্গ আজিলই, নাই আন কাজ।
জ্বলিছে সৰ্বাঙ্গ মোৰ, পোৰে জানো কিহে।
(ৰজা বিতত্ হৈ প্ৰস্থান)
বুঃ গোঃ।— দেখা নাই গতি ভাল। হব যে সফল
মোৰ প্ৰাণৰ উদ্দেশ্য, নাই তাৰ আশা;
প্ৰতিজ্ঞাত স্থিৰ জয়মতী—। নাই আশা;
মিছা হল সকলো যতন! ভয়ঙ্কৰ