⸺:○:⸺
আহোম ৰাজবংশৰ তুংখুঙ্গীয়া ফৈদৰ মহাবীৰ গদাপাণি কোৱঁৰৰ বীৰাঙ্গনা ভাৰ্য্যা ‘জয়মতী কুৱঁৰী'ৰ চৰিত্ৰ-চিত্ৰ লৌকিক চিত্ৰ চৰিত্ৰৰপৰা ভালেমান খাপৰ ওপৰত,—ই অলৌকিক চিত্ৰৰ, সমকক্ষ। গতিকে, সেই অনুপম মহাসতীৰ চৰিত্ৰ অলৌকিক তুলিৰে সৈতে আঁচি, বুৰঞ্জীৰ ভেঁটিৰপৰা লৰচৰ নকৰাকৈ, তাৰপৰা নাটকৰ দৃশ্যাদি আঁকিবলৈ চল লাগি ৰৈছে। সেই সুচলতে, এই লেখকে তেওঁৰ ছাত্ৰকালৰ সংকল্পিত “জয়মতী” নাট এখনি ৰচিবলৈ সাহ কৰি ওলাইছে; দুঃসাহসৰ কাৰ্যফল যে নিঘুণী নহব, তাক কোৱাৰ সকাম নাই। কিন্তু, গুণগ্ৰাহী ৰাইজে ভালচকুৰে চালে, কালত এই বেয়াই ভাল হৈ উঠিবগৈও পাৰে; সেই আশ্বাস আপোনা-আপুনি পাঙ্গি লৈ, এই অপঁইতা ৰচয়িতাই বুৰঞ্জীমূলক নাটক ৰচনাৰ নিচিনা নিপুণ লেখকৰ সুকঠিন কামলৈ আগ বাঢ়িছে। এতেকে, ইয়াৰ ভয়াবহ ফলাফল কি হয়গৈ কব পৰা নাই এথোন। ইতি—
১৬ চ'ত, ১৮২২ শঁক। |
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা |
“জয়মতী” পোহৰলৈ ওলায়েই ৰাইজৰপৰা আশাতীত আদৰ পাই গ্ৰাহকৰ হাততে পমি যোৱাদি গল; আমাৰ হাত এতিয়া উদং। গতিকে, গুণগ্ৰহী ৰাইজৰ গুণ লৈ, ইয়াৰ নতুন তাঙ্গৰণ উলিয়াবলৈ লৰালৰিকৈ আগবঢ়া হৈছে। ইতি—
১৬ চ'ত, ১৮২৪ শঁক। |