পৃষ্ঠা:জয়মতী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
জয়মতী।

জয়া।—বৃথা অনুৰোধ। নলৰে বচন মোৰ
 লৰিলেও হিমালয়; পূবৰ সূৰুজ।
 আৰু পছিমে উদয় যদি। কবি গই
 বৃথা চেষ্টা ৰাজক্ষমতাৰ।

দূত।—আৰু, দেৰি!
 নিবেদোঁ চৰণে তৱ;—নিদিলে সন্ধান,
 হব লাগে চ’ৰালই তৱ আগমন।

জয়া।—কি কলি পাষণ্ড!
 আছে কিবা প্ৰয়োজন, পূৰ-মহিলাৰ
 ৰজাৰ চ'ৰাত গই?—কাৰ আজ্ঞা ইটো?
 কোন্‌ দুৰাচাৰে কৰে এনে অবিচাৰ,
 অৱহেলি ৰাজনীতি? কিবা অপৰাধ
 কৰিছোঁ ৰজাক মই?

দূত।—কিবা অপৰাধ মোৰ? আজ্ঞাবহ দূত!

জয়া।—নাই দোষ তোৰ।
 দোষী তোৰ আজ্ঞাকাৰী। ।—ইকি অবিচাৰ!
 নিৰ্দোষী নাৰীক মাতি ভূঞ্জায় লাঞ্ছনা!
 সাহিছে অৱলা জানি, তাতে অনাথিনী।
 কিন্তু কি জানে সি,—সতীৰ ৰখীয়া পতি,
 অনাথিনী-নাথ আছে পৰম-ঈশ্বৰ!—
 নামানোঁ লাঞ্ছনা ভয়, নডৰোঁ ৰজাক,
 শুনাম উচিত কথা চ’ৰালই গই।
 যাবি দূত, কবিগই, গইছে পাচত,
 আপোন ইচ্ছাৰে মই।