পৃষ্ঠা:জয়মতী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিনু।— উঁঃ, নকয়। আমি হলে তোকে লুকাই টব। আয়ু, ইমান বাল
 ডেকাটো! কেলে’ কাটিব? তুমি অলে বৈয়ামত নেযাবি দেই?

গদা।—নহয়, আই, মই যাব লাগিব। মই এটা ডাঙ্গৰ কথাৰেহে ইয়ালৈ
 আহিছোঁ। সেই কাম হলেই মই আকৌ ভৈয়ামলৈ যামগৈ।

চিনু।—বাৰু, বাৰু, তুমি অলে যিনি দিন টাকিবি, হিমান দিন টাকিবি
 দেই। আমি হলে এতিয়া বুঁই দেকিব যাইছে। তুমি হলে গৰতে
 বহিবি। আমি-জীয়েক জিনু ভি ইয়াতে বহিছে। ৰজা-মানু আহিব
 হলে জিমু তোকে কৈ দিব। তুমি হলে পলাই টাকিবি দেই।

(চিনুৰ প্ৰস্থান।)


গদা।— মহান উদ্দেশ্য মোৰ
 সাধোঁ কিনো মতে। নাজানো নগাৰ কথা;
 বুজাওঁ কিমতে মোৰ গুপুত বাসনা?
 গোটাওঁ কিৰূপে , ৰণ-বল মোৰ।
 নালাগে অধিক মোক; ক্ষুদ্ৰ এটি দল,
 পাওঁ যদি আশে-পাশে বাছনি নগাৰে,
 হব সেয়ে যোগ্য বল শত্ৰু জিনিবৰ।
 অহ, বুঢ়ীটিৰ কি যে স্নেহ!—হয় যদি
 সিদ্ধি কিবা, হব পাৰে বুঢ়ীটিৰ গুণে।
 দেখোঁ কিবা হয়।

(জিনুৰ প্ৰৱেশ)

জি।—আ-কি-ত! তুমি অকলে টাকিছে।

গদা।— লগ হেৰুৱালোঁ; অকলে নাথাকি কি কৰিম।

জিনু।—কেলে, আমি হলে তুমি লগতে টাকিছে নহয় না? তুমি
 নকৰিব দেই। আমি তোকে ৰাকি টাকিছে।