পৃষ্ঠা:জন্মাষ্টমী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী

ধ্ৰং || দেখৰে নয়ন ভৰি লোই।
পৰম পুৰুষ অৱতাৰ হোই॥
পদ॥ কোটি কোটি অণ্ড ৰোমকুপে যাৰ।
সো হৰি দৈৱকী উদৰে অৱতাৰ।।
শ্যাম মুৰুতি পীত অম্বৰ মোহে।
পেখিয়ে ৰূপ মদন কোটি মোহে॥
কঙ্কণ কেয়ূৰ মুকুট হাৰ লোলে।
গতি গোবিন্দ মেৰি গোপাল বোলে।।

 ৪। ভাৰতৰ সকলো ধৰ্ম্ম শাস্ত্ৰত

শ্ৰীকৃষ্ণক স্বয়ং ভগৱন্ত বুলি প্ৰকাশ কৰিছে। ঋষি, মুনি, সাধু, সজ্জন, ভকত সকলোৱে -এক বাক্যে শ্ৰীকৃষ্ণক স্বয়ং ভগৱন্ত বুলি আৰাধনা কৰিছে।

“কৃষ্ণমস্ত ভগবান স্বয়ম্”

ভগৱন্ত কৃষ্ণ স্বয়ং ঈশ্বৰ। এই বিশ্বাস ভাৰতৰ সকলো হিন্দু সম্প্ৰদায়ৰ সৰল আৰু দৃঢ় বিশ্বাস। এই দৃঢ় বিশ্বাসৰ কাৰণেই