পৃষ্ঠা:জন্মাষ্টমী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী

বসুদেৱে দেখিলন্ত অদ্ভুত বালক॥
পৰি দুয়ো প্ৰাণী পাছে কৰিলন্ত স্তুতি।
পিতৃত কহিলা প্ৰভু সমস্ত যুগুতি॥
ভৈলা শিশুৰূপ তৈতে প্ৰভু নাৰায়ণ।
কোলে লৈয়া বহুদেৱে লৰিল তেখন॥
ভাগিল নিহাল ভৈল মেলান কপাট।
দেখি ভয়ে যমুনা আপুনি দিলা বাট॥
বৰিষে কণিকা মেঘে ওপৰত গৰ্জ্জে।
ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে॥
যশোদাৰ তৈতে উপজিলা যোগমায়া।
আতি অচেতনে নিদ্ৰা গৈলা নন্দজায়া॥
তাহান শয্যাত নিয়া থৈলন্ত তোমাক।
বসুদেৱে আনিলন্ত নন্দৰ কন্যাক॥
শিশুভাৱে গোকুলত ক্ৰীড়িলা অপাৰ।
সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ॥

 ৩। আৰু এঠাইত এটি গীতেৰে শ্ৰীকৃষ্ণ জন্মযাত্ৰা বৰ্ণনা কৰিছে :—