পৃষ্ঠা:জন্মাষ্টমী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী

ষণাত গভীৰ, ভগবদ্‌প্ৰেমত আপোন পাহৰা, আৰু ভক্তিত বিশ্বচৈতন্য উপলব্ধি কৰি চৰিতাৰ্থ হয়। শ্ৰীশঙ্কৰদেৱে কীৰ্ত্তনৰ শিশুলীলাত চমুকৈ তলত লিখা দৰে বৰ্ণনা কৰিছে :—

কৃষ্ণৰূপে দৈৱকীত ভৈল৷ অৱতাৰ।
শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰ॥
পীতবস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ।
কমল লোচন চাৰু অৰুণ অধৰ॥
সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল।
কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জ্বল॥
আপাদ লম্বিত বনমালা জ্বলে গলে।
শোভে আতি শ্ৰীবৎস বহল বক্ষঃস্থলে॥
চাক চাৰি ভুজ জ্বলে আজানুলম্বিত।
কৰীকৰ সম উৰু বৰ্ত্তুল বলিত॥
চৰণ কমল যেন নৱ পদ্ম কোষ।
যাক দেখি ভকতৰ পৰম সন্তোষ॥
প্ৰসন্ন বদন জ্বলে অলকা তিলক।