পৃষ্ঠা:জন্মাষ্টমী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী

এই তিথিটি ভাৰতৰ ধৰ্ম্ম বুৰঞ্জীত অতি শুভ মঙ্গলময় চিৰস্মৰণীয় তিথি। এই শুভ লগ্নতেই ভাৰতৰ ধৰ্ম্ম আকাশত অপূৰ্ব্ব জ্যোতিৰ্ময় সূৰ্য উদয় হৈ সকলোকে আলোকিত কৰি চৈতন্যময় কৰে। সেই কাৰণে আজি আবহমান কালৰ পৰা বছৰে বছৰে শ্ৰীকৃষ্ণৰ জন্মতিথি পালন কৰি ধৰ্ম্মপ্ৰাণ লোকসকলে পৰম সন্তোষ লাভ কৰি নিজক ধন্য মানিব লাগিছে।

 ২। শ্ৰীকৃষ্ণৰ জন্মকথা অতি সুমধুৰ, অতি গভীৰ, পৰম তত্ত্বপূৰ্ণ, আত্মতৃপ্তিৰ পৰম সুধা৷ সেই কাৰণে হৰিবংশ, বিষ্ণুপুৰাণ, ভাগৱত আদি ধৰ্ম্ম শাস্ত্ৰত শ্ৰীকৃষ্ণ জন্মকথা অতি শুৱলা ভাবে প্ৰাঞ্জল ভাষাত হৃদয়স্পৰ্শী আৰু অন্তৰ আকৰ্ষণী কৰি বৰ্ণনা কৰিছে। সেই প্ৰাণস্পৰ্শী বৰ্ণনাবোৰ পাঠ কৰিলে মানৱ অন্তৰ আনন্দত আপ্লত, ভাবত গদগদ, গৱে-