পৃষ্ঠা:জন্মাষ্টমী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৪৫

 ৩৪। এই পৰা-ভক্তিৰ ভকতেই পৰম ভক্ত। সেই কাৰণেই শ্ৰীকৃষ্ণই কৈছে :- ব্ৰহ্মভূতঃ প্ৰসন্নাত্মা ন শোচতি ন কাঙ্ক্ষতি। সমঃ সৰ্ব্বেষু ভূতেষু, মদভক্তিং লভতে পৰাম্॥ অৰ্থাৎ এনে ভক্ত পৰম-ব্ৰহ্মৰ চিন্তাত মগ্ন থাকে, সদায় প্ৰসন্ন মন, তেওঁৰ শোক বা আকাঙ্ক্ষা একো নাই। সকলোতে সমজ্ঞান ব্ৰহ্মৰ পৰম ভক্ত হৈ থাকে।

 এই পৰা-ভক্তিৰ অন্তৰ্নিহিত শক্তি-জাগৰণেই হৈছে শ্ৰীকৃষ্ণৰ জন্ম। শ্ৰীকৃষ্ণৰ ভক্তি ৰহস্যই এনে ভকত সৃষ্টি কৰে বুলিয়েই মানৱ কৃষ্ণ-চৈতন্য জাগৰণ হেতু এই কৃষ্ণাষ্টমী ব্ৰত।

 ৩৫। শ্ৰীকৃষ্ণৰ অনুগ্ৰহত পৰাভক্তিৰ ভকত- সকলে ব্ৰহ্মজ্ঞান লাভ কৰি জীৱন চৰিতাৰ্থ কৰে। এনেকুৱা পৰম ভক্ত সমদৰ্শী আৰু ব্ৰহ্মজ্ঞানী। সেই কাৰণে গীতাত আকৌ কৈছে:-