পৃষ্ঠা:জন্মাষ্টমী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৪৪

আস্থা ৰাখি ধৰ্ম্ম, অৰ্থ, কাম আদি সাধন কৰি নিবৃত্তি পথেৰে মোক্ষপদ লাভ কৰাই শ্ৰেয় আৰু প্ৰেয় কৰ্ম্ম। কিন্তু যি পৰম ভক্ত তেওঁ শেষত মোক্ষপদকো নিবিচাৰি ভগৱন্ত পৰম ব্ৰহ্মৰ সেৱা, অৰ্চ্চনা কৰিহে তৃপ্তি পায়। সেই কাৰণে শ্ৰীশঙ্কৰদেৱে এঠাইত কৈছে :—

“তুমি পৰমাত্মা তত্ত্ব জানিলোঁ সম্প্ৰতি।
সত্ত্ব মূৰ্ত্তি ধৰি সাধা ভকতৰ গতি॥
তোমাক নপাই অনুৰাগ বাঢ়ে যাৰ।
সোহসে ভকতি যোগে ছিণ্ডে অহঙ্কাৰ॥
তাহাৰেসে গুছে বিষয়ত অনুৰাগ।
হৃদয়ত বিচাৰি তোমাক পাৱে লাগ॥
তোমাৰ পাৱত লৈলে যি জন শৰণ।
তযু গুণ নাম কৰে শ্ৰৱণ কীৰ্ত্তন॥
মোক্ষ প্ৰসাদকে৷ প্ৰভু! তোমাত নমাগে।
ছাৰ স্বৰ্গ সুখ কোন তাসম্বাৰ আগে॥”