পৃষ্ঠা:জন্মাষ্টমী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৪৩

পাছত দ্বিতীয়তে গীতাত বুদ্ধি যোগৰ কথা হৈছে। বুদ্ধিৰ দ্বাৰা, স্থিৰপ্ৰজ্ঞা লাভ হয়। এই বৃদ্ধি-যোগেই জ্ঞান-যোগ। তৃতীয়তে বিশ্বব্যাপক পৰমাত্মাৰ সত্বা অনুভব কৰি পৰমাত্মাত চিত্ত অৰ্পণ, ভজন, যজন অৰ্চ্চন কৰা। এয়ে হৈছে জ্ঞানমিশ্ৰিত ভক্তি। পৰমব্ৰহ্ম পৰমাত্মাৰ প্ৰতি একান্ত অব্যভি- চাৰী ভক্তিয়েই শ্ৰেষ্ঠ ধৰ্ম্ম। সেই কাৰণে গীতাত কৈছে :—

“মাঞ্চ যোহব্যভিচাৰেণ ভক্তিযোগেনসেৱতে।
স গুণান্ সমতীত্যৈতান্ ব্ৰহ্মভূয়ায় কল্পতে॥

 মুঠতে কবলৈ হলে স্বধৰ্ম্ম আচৰণতেই সকলো ধৰ্ম্ম-কৰ্ম্ম আৰম্ভ আৰু পৰমব্ৰহ্মৰ ভক্তিতে সকলো ধৰ্ম্ম-কৰ্ম্ম শেষ। এয়ে হৈছে গীতাত শ্ৰীকৃষ্ণৰ ভক্তি-ৰহস্য।

 ৩৩। শ্ৰীকৃষ্ণৰ এই ভক্তি-ৰহস্যই হৈছে পৰাভক্তি। এই পৰাভক্তিৰ ওপৰত সম্পূৰ্ণ