পৃষ্ঠা:জন্মাষ্টমী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কৰিছে। এই স্বধৰ্ম্ম আৰু স্বকৰ্ম্ম একে কথা। আৰু এই স্বধৰ্ম্মই স্বভাৱ বা প্ৰকৃতি। এই স্বধৰ্ম্ম পালনৰ গুণত তিনি প্রকাৰ শ্ৰদ্ধাৰ উৎপত্তি হয় । শ্ৰদ্ধাৰ পৰা সত্ব, ৰজ আৰু তম এই তিনিটি গুণৰ উৎপত্তি হয় । এই তিনি গুণৰ পৰা তিনি বিধ অভিব্যক্তি জন্মে। কৰ্ম্ম, অঙ্গ স্বৰূপ এই তিনি বিধ অভি- ব্যক্তিৰ লগত সংলগ্ন থাকে। স্বধৰ্ম্ম পাল- নেই জীৱৰ ধৰ্ম্ম । সেই কাৰণে শ্রীকৃষ্ণই কৈছে :—

(১)

শ্রেয়ান্ স্বধৰ্ম্মো বিগুণঃ পৰধৰ্ম্মাৎ স্বনুষ্ঠিতাৎ ॥

(২)

স্বধৰ্ম্মে নিধনং শ্রেয়ঃ পৰধৰ্ম্মো ভয়াবহঃ ॥

(৩)

“স্বকৰ্ম্মর্ণা তমভ্যৰ্চ্চ্য সিদ্ধিং বিন্দতি মানবঃ।”

 স্বকৰ্ম্ম পালন কৰিয়েই পৰম পদ লাভ কৰিব পাৰি । গীতাৰ এই প্ৰথম ধৰ্ম্ম কথা । তাৰ