পৃষ্ঠা:জন্মাষ্টমী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৩৯

সৎ চিৎ আনন্দময় পৰমাত্মাৰ জ্যোতি মানৱ অন্তৰত বিকাশ হয়। মানৱ অন্তৰত আনন্দ বিকাশৰ অনুভূতি হোৱাই মোক্ষ । এই মোক্ষ পদ লাভ কৰাই মানৱ জীৱনৰ, প্রধান উদ্দেশ্য । এই মূল উদ্দেশ্য সাধনৰ হেতু হল, অন্তৰত কৃষ্ণ-চৈতন্য জাগৰণ। উদ্বোধনৰ কাৰণেই কৃষ্ণাষ্টমী পালন ।

 ৩০। এই চতুৰ্ব্বৰ্গৰ মাজেৰে সাধন মাৰ্গত অগ্ৰসৰ হলে মানৱ অন্তৰত আনন্দৰ অনু- ভূতি হয় । এই আনন্দ উপলব্ধি কৰাত যেয়ে সহায় কৰে সেয়ে ধৰ্ম্ম ৷ ধৰ্ম্মৰ এই মূল নীতিক আশ্রয় কবি জ্ঞান, বিজ্ঞান, তদঙ্গ আৰু ৰহস্য ভেদে নানা ব্যাখ্যা ওলাইছে।

 (১) ছান্দোগ্য শ্ৰুতিত কৈছে :–
ত্রয়ো ধৰ্ম্মস্কন্ধা যজ্ঞোহধ্যয়নং দানমিতি প্রথমঃ।
তপ ইতি দ্বিতীয়ো ব্রহ্মচর্য্যকুলবাসী তৃতীয় ॥”

 অর্থাৎ ধৰ্ম্মৰ তিনিটি স্কন্ধ, প্রথমটি হৈছে