পৃষ্ঠা:জন্মাষ্টমী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৩৫

বধকাৰ্য, দেহ-ৰক্ষণ আদি কৰ্ম্মত কৃষ্ণৰ দৈহক আনন্দ। গোকুলৰ নানা লীলাই মনোময় আনন্দ। উদ্ধৱৰ লগত কথোপকথনত আত্মা- নন্দৰ পৰিচয়। গীতাত বিশ্বৰূপদৰ্শনেই বিশ্ব আনন্দৰ পৰাকাষ্ঠা। প্ৰত্যেক মানুহৰো এই চাৰিটি আনন্দৰ সোপান। দেহৰ সৌন্দৰ্য্য, মনৰ সৌন্দৰ্যা, আত্মাৰ সৌন্দৰ্য্য উপলব্ধি কৰি অৱশেষত নিজৰ আনন্দস্ফূৰণ বিশ্ব আনন্দৰ স্ফূৰণত মিলন কৰি পৰম বিমল আনন্দ উপভোগ কৰাই মানৱৰ চৰম সৌন্দৰ্য্য।

 ২৫। এই পৰম বিমল আনন্দ স্ফূৰণেই পূৰ্ণ আনন্দ। কৃষ্ণ পূৰ্ণ-আনন্দ আৰু পূৰ্ণ জ্যোতি। খণ্ড-জ্যোতিয়ে অখণ্ড-জ্যোতিৰ ধ্যান, ধাৰণা অনুশীলনৰ গুণত ক্ৰমে ক্ৰমে পৰম আনন্দ ভোগ কৰিবলৈ সমৰ্থ হয়। সেই কাৰণে অখণ্ড, পূৰ্ণ-জ্যোতিৰ সেৱা বিশেষ প্ৰয়ো- জনীয়। সেই দেখিয়েই “লীলামালাত” কৈছে :-