পৃষ্ঠা:জন্মাষ্টমী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৩৪

হয়। কিন্তু প্রত্যেক স্তৰতে আনন্দ মিশ্রিত জ্ঞান আছে । জ্ঞান আনন্দত মিশ্ৰিত থকাৰ কাৰণেই আনন্দভোগৰ ভেদাভেদ। কোনোৱে দেহ-বক্ষণ, পৰিবেসন, সৌন্দৰ্য, ৰূপ-লাৱণ্যত আনন্দ ভোগ কৰে। কোনোৱে যশ, মান, ঐশ্বর্য্য, জ্ঞান, ধন, খ্যাতি আদি মানসিক প্ৰবৃত্তিৰ ঘূৰণত আনন্দ ভোগ কৰে । কোনোৱে আকৌ হৃদয় আসনত বিৰাজ কৰা চৈতন্যময় অহঙৰ অনুশীলন, চিন্তা, ধ্যান, ধাৰণা আদিত আনন্দ ভোগ কৰে । কোনোৱে বা আকৌ দেহ, মন আৰু আত্মাৰ চিন্তা, অনুশীলন, ধাৰণা আদিৰ ফলত ক্রমে নিজৰ আনন্দ ভাৱ জগতৰ আনন্দৰ লগত সং মিশ্ৰণ কৰি আনন্দ ভোগ কৰে । আনন্দৰ এই ক্রমিক স্ফুৰণ ভাৱটি কৃষ্ণ জীৱনৰ লগত স্তৰে স্তৰে মিল খোৱা যেন অনুভৱ কৰিব পাৰি। অলৌকিক ক্রিয়াৰে অসুৰ আদি