পৃষ্ঠা:জন্মাষ্টমী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৩৩

লাগিছে । এই অহং অর্থাৎ মই প্রত্যেক প্ৰাণীৰ অন্তৰত বিৰাজ কৰিছে । প্রত্যেকে কয় মই কৰিছোঁ, মই কৰিছোঁ। এই মইৰ জাতি- কুল, পাত্রাপাত্র, ধর্ম্মাধর্ম্ম একো প্রভেদ নাই। স্ত্ৰী, পুৰুষ, লৰা, ডেকা, বুঢ়া সকলোৱে মই মই বুলিয়েই কয়। গতিকে মই সৰ্ব্বব্যাপী আৰু কালৰ অধীনৰ বাহিৰ। এই মইক সুখ-দুখ, শোকতাপ, হর্ষ-বিষাদে স্পৰ্শ কৰিব নোৱাৰে। গতিকে এই অহংটিয়েই আনন্দৰ প্রসূতী।

 ২৪ । এই আনন্দ-প্রসূতী অহং-বোধ জ্ঞানৰ উৎকৰ্ষতাৰ লগে লগে, ক্রমে ক্রমে বিকশিত হৈ পৰিস্ফুৰণ হয়। কোনোৱে দেহতে আত্মবোধ কৰে। কোনোৱে মনতে আত্মবোধ কৰে । কোনোৱে ইন্দ্ৰিয়তে আত্মবোধ কৰে । কোনোৱে যাৰ অভাবত দেহ চৈতন্যহীন হয় তাতে আত্মবোধ কৰে । এইদৰে চৈতন্য বিকাশৰ স্তবে স্তৰে অহং-বোধ পৰিস্ফুৰণ