পৃষ্ঠা:জন্মাষ্টমী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৩২
 

আবিৰ্ভাৱ হল। জগত আনন্দত উপচি পৰিল। প্ৰত্যেক মানৱ হৃদয়ত কৃষ্ণ-আনন্দ জাগি উঠিল। আনন্দ হৃদয়ত জাগি উঠিল সঁচা, কিন্তু আনন্দৰ পৰিচয় পোৱা যায় কেনেকৈ? এই আনন্দৰ প্ৰকৃত স্থানেই বা ক'ত? যি কালৰ অধীন নহয়, যাৰ জন্মমৃত্যু নাই, যাৰ সুখ-দুখ, শোক-তাপ আৰু হৰ্ষ-বিষাদ একো নাই সেয়ে হৈছে আনন্দস্বৰূপ। এই বিশ্বব্যাপী আনন্দ ভূমানন্দ। এই ভূমানন্দৰ অংশস্বৰূপ “অহং” আনন্দই মনুষ্যক চৈতন্য কৰি ৰাখিছে। এই চৈতন্যময় অহং স্থূলদেহত বিচৰণ কৰি জীৱক কৰ্ম্মফল ভোগী কৰি চক্ৰৰ নিচিন৷ ঘূৰাব লাগিছে।

“ঈশ্বৰঃ সৰ্ব্বভূতানাং হৃদ্দেশেহৰ্জ্জুন তিষ্ঠতি।
ভ্ৰাময়ন্ সৰ্ব্বভূতানি যন্ত্ৰাকঢ়ানি মায়য়া৷”

ভূম৷ চৈতন্যৰ অংশস্বৰূপ অহং-চৈতন্যই যন্ত্ৰ- চালকৰ নিচিনা জীৱবিলাকক সংসাৰত ঘূৰাব