পৃষ্ঠা:জন্মাষ্টমী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
২২


কটিত প্ৰকাশ কৰে ৰত্নৰ
মেখলা॥
কেয়ুৰ কঙ্কণে কৰে কৰত দীপিতি।
পাদ পদ্ম দুখানিক দেখন্তে তৃপিতি॥
ৰত্নময় নুপুৰে কৰন্তে আছে ঘোষ।
যাক মনে ধৰি পায় ভকতে সন্তোষ ॥

এই বকম সৌন্দৰ্য্যময়, আনন্দময় ৰূপ বৰ্ণনা

কৰাৰ কাৰণেই হৈছে মানৱ অন্তৰত চৈতন্য ভাব জাগৰণ কৰা।

 ১৪। শ্ৰীকৃষ্ণৰ শৰীৰ যেনে সৌন্দৰ্য- ময় তেনে বীৰ্য্যশালী, শত্ৰু দমনকাৰী, দমন- শীল। আকৌ যেনে বীৰ্য্যশালী শক্তিমন্ত তেনে যোগেশ্বৰ বিভূতি-সম্পন্ন যোগীৰাজ। যেনে পৰম যোগী, পৰম ধ্যানী, তেনে পৰম জ্ঞানী, পৰম তত্ত্বদৰ্শী। এইদৰে সৰ্ব্ব-গুণ-সম্পন্ন লোক অতিমানৱ স্বয়ং ভগৱন্তৰ অংশ। সৰ্ব্বগুণ বিভূষিত শ্ৰীক ষ্ণ স্বয়ং ভগৱন্তৰ অৱতাৰ। আৰু এই কাৰণেই শ্ৰীকৃষ্ণই কব পাৰিছিল :-