পৃষ্ঠা:জন্মাষ্টমী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
২১

বৃত্তিত পূৰ্ণ বিকাশ নহলে ধৰ্ম্ম-কৰ্ম্মৰ আদৰ্শ হোৱা টান। সেই কাৰণে শ্ৰীকৃষ্ণৰ লীলাত দেখা যায় তেওঁ এজন শুনিপুণ যোদ্ধা, পৰম নীতিজ্ঞ, পৰম ধাৰ্ম্মিক, বীৰ্য্যশালী আৰু পৰম সৌন্দৰ্য্যশালী৷ তদুপৰি কৃ ষ্ণ, ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচ, ইন্দ্ৰিয় নিগ্ৰহ, ধী, বিদ্যা, সত্য, অক্ৰোধ এই দশ গুণৰ পূৰ্ণ বিকাশ। শ্ৰীকৃ ষ্ণ, ৰূপ সৌন্দৰ্য্যত অতুল- নীয় পুৰুষ। তেওঁৰ ৰূপ বৰ্ণনা কৰি এঠাইত কৈছে :-

কমল লোচন চাবি ভুজ চাবি অস্ত্ৰ।
কণ্ঠত কৌস্তুভ শোভে গাৱে পীত বস্ত্ৰ॥
অমূল্য কিৰীটি ৰত্নগণে পাবে ঝিকি।
তাৰ ৰশ্মি কেশচয় কৰে চিকিমিকি॥
মকৰ কুণ্ডলে সুমণ্ডিত দুই কৰ্ণ।
সুন্দৰ শৰীৰ। মেঘ ঘনশ্যাম বৰ্ণ॥
হিয়াত শ্ৰীবৎস পান্তি গলে বনমালা।