পৃষ্ঠা:জন্মাষ্টমী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
১৭


সত্ব, ৰজ আৰু তম এই তিনি গুণ হৈছে তাৰ শিপা। ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ এই চাৰিটি তাৰ ৰস। পঞ্চ ইন্দ্ৰিয় হৈছে তাৰ জ্ঞান। শোক, মোহ, জৰা, মৃত্যু, ক্ষুধা, তৃষ্ণা এই ছয়টি হৈছে তাৰ স্বভাৱ। তেজ, ৰস, মঙহ, মেদ, অস্থি মজ্জা আৰু শুক্ৰ এই সাতোটি হৈছে তাৰ চৰ্ম্ম”। পঞ্চ জ্ঞানেন্দ্ৰিয়, মন, বুদ্ধি আৰু অহঙ্কাৰ এই আঠোটি তাৰ শাখা। ন বিধ দুৱাৰ, ন বিধ ছিদ্ৰ আৰু দশ প্ৰাণ ইয়াৰ পাত। শ্ৰীশঙ্কৰদেৱে এই কথাকে এঠাইতে কৈছে :—

প্ৰকৃতি আশ্ৰয়ী আছে আদি বৃক্ষ
 সুখ দুখ দুই ফল৷
তিনি গুণ মূল  অৰ্থ চাৰি ৰস
 শিপায়ে ইন্দ্ৰিয় বল
ছয় উৰ্ম্মী আত্ম৷  সাত ধাতু ছাল
  শাখায়ে আঠ প্ৰকৃতি