পৃষ্ঠা:জন্মাষ্টমী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
১৩

কৰিব নোৱাৰা হয়। এনে অৱস্থাত পৰিলে মানুহ, কিংকৰ্ত্তব্যবিমূঢ় হৈ পৰে। এই ৰকম অৱস্থা হলেই মানুহে চাৰিও ফালে ঘোৰ অন্ধকাৰ দেখে। শৰীৰ অৱশ হয় ইন্দ্ৰিয় অকৰ্ম্মণ্য হয়। এনেকুৱা মোহান্ধ অৱস্থাত এজন উদ্বোধনকাৰী, পথ-প্ৰদৰ্শকৰ আৱশ্যক। অৰ্জ্জুনে যেতিয়া মোহান্ধ হৈ যুদ্ধ কৰিব নে নকৰিব, কি কৰিলে ভাল হব, কি কৰিলে বেয়া হব একে৷ স্থিৰ কৰিব নোৱাৰি হাতৰ গাণ্ডীব পেলাই মৌন হৈ বহি থাকিল, তেতিয়া শ্ৰীকৃষ্ণই পথ-প্ৰদৰ্শক হৈ অৰ্জ্জুনক জাগ্ৰত কৰি স্বধৰ্ম্মত অনুৰক্ত কৰি তোলে।

 ৯। এই সংসাৰত অৰ্জ্জুনৰ নিচিনা অৱস্থা বহুতৰ ঘটে আৰু তেনে অৱস্থাত কৃষ্ণস্বৰূপ উদ্বোধনকাৰী মহৎ লোকৰ আৱশ্যক হৈ পৰে। এনে জটিল সন্ধিক্ষণত