পৃষ্ঠা:জন্মাষ্টমী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
১২
 

অনুৰক্ত, আসক্ত আৰু লিপ্ত থাকে। এই স্বধৰ্ম্ম পালন পথত অলপ অচৰপ অগ্ৰসৰ হলেই মনোবৃত্তিৰ কিছু পৰিমাণে স্ফুৰণ হয় আৰু এই ক্ষণিক স্ফুৰণ আৰু বিকাশত মনোবৃত্তিবোৰৰ ক্ৰমে ক্ৰমে উৎকৰ্ষ সাধন হয়। কিন্তু কেতিয়াবা কেতিয়াবা 'মনৰ গতি স্থিৰ ৰাখিব নোৱাৰি স্বাৰ্থ, মোহ আৰু মায়াত মুগ্ধ হয়। স্বাৰ্থত মুগ্ধ হলে মনৰ স্থিৰতা নোহোৱা হয়। অৱশেষত স্বধৰ্ম্ম পাহৰি বিধৰ্ম্ম, অধৰ্ম্ম, অকৰ্ম্ম, বিকৰ্ম্ম আদিত পৰি প্ৰকত পথৰ পৰা বিচলিত হয়। এনেকুৱাকৈ বিচলিত হৈ অকৰ্ম্মত লাগি থাকিলে মনোবৃত্তিৰ প্ৰকৃত স্ফুৰণ আৰু বিকাশ নহয়। আৰু প্ৰকৃত স্ফুৰণৰ অভাৱত আত্মবোধ নজন্মে। মায়াত মুগ্ধ হৈ স্বাৰ্থৰ বশ হলে মানুহে সৎ, অসৎ, কৰ্ম্মাকৰ্ম্ম, ধৰ্ম্মাধৰ্ম্ম, ন্যায় অন্যায়, প্ৰকৃত অপ্ৰকত একো নিৰ্ণয়