পৃষ্ঠা:জন্মাষ্টমী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
১১

কথা ওলায়। বিনা কৰ্ম্মে সাধনা নহয়। ক্ৰিয়া কৰ্ম্মই সাধনাৰ ভূমি। প্ৰকৃত স্বধৰ্ম্ম পালনেই হৈছে এই কৰ্ম্ম। এই স্বধৰ্ম্ম পালন কথাটি শুনোতে যেনে সহজ সাধন কৰোঁতে তেনে সহজ নহয়। পদে পদে বাধা-বিঘিনি লগা আছে। এই দুৰ্গম, দুঃসাধ্য, দুষ্কৰ স্বধৰ্ম্ম পালনৰ পথ সুগম সুসাধ্য, সুকৰ কৰি তোলাই মহা মানব মহাপুৰুষসকলৰ আৱিৰ্ভাবৰ আৱশ্যক। আজি শ্ৰীকৃষ্ণ আৱিৰ্ভাবৰো কাৰণ এয়েই। স্বধৰ্ম্মৰ প্ৰতি অনুৰাগ, স্বধৰ্ম্মৰ প্ৰতি অনু ৰক্ত, স্বধৰ্ম্মৰ প্ৰতি আসক্তি আৰু স্বধৰ্ম্ম পালনত উদ্বুদ্ধ, জাগ্ৰত আৰু উত্তিষ্ঠ কৰাই শ্ৰীকৃ ষ্ণৰ জন্ম।

৮। স্বধৰ্ম্ম পালন কৰা জীৱমাত্ৰৰেই জন্মগত আকাঙ্ক্ষ। আৰু আগ্ৰহ! পোন- প্ৰথমে জীৱ মাত্ৰেই স্বধৰ্ম্ম পালনতেই সদায়